এইবাৰ নগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ গুলী আৰক্ষীলৈ…

এইবাৰ নগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ গুলী আৰক্ষীলৈ…

author-image
asomiyapratidin
New Update
এইবাৰ নগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ গুলী আৰক্ষীলৈ…

ডিজিটেল সংবাদ, নগাঁও : আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীলৈ নহয় এইবাৰ ড্ৰাগছ ব্যৱসায়ীয়ে গুলী চলালে আৰক্ষীক ৷ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ গেৰুৱাত ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

জানিব পৰা মতে খাটোৱাল আৰক্ষীয়ে গাঁও ৰক্ষী বাহিনীৰ সহযোগত আটক কৰিছিল গেৰুৱাৰ ৰফিকুল ইছলামক ৷ ৰফিকুলক এ এছ ০২ এছ ০৪৬১ নম্বৰৰ গাড়ী খনৰ সৈতে আটক কৰি আৰক্ষীয়ে জেৰা চলায় ৷ জেৰাৰ পিছত ঘৰত ড্ৰাগছ লুকুৱাই থোৱা বুলি আৰক্ষীক কোৱাত আৰক্ষী দল ৰফিকুলক লৈ খাটোৱালৰ পৰা গেৰুৱালৈ ৰাওনা হয় ৷

দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী জনৰ গাড়ীতে উঠি আৰক্ষীৰ দল অভিযান চলাবলৈ যোৱাৰ সময়তে নিজৰ গাড়ীত লুকুৱাই থোৱা পইন্ট ২২ পিস্তলেৰে গুলিচালনা কৰে ৷ ৰফিকুল ইছলামক গাড়ীৰ ভিতৰতে এজন কনিষ্টবলে পিস্তল লৈ থকা হাতখন থাপ মাৰি ধৰি কাবু কৰে যদিও সুযোগ বুলি গাড়ীৰ পৰা নামি ধাননী পথাৰৰ মাজেৰে পলায়ন কৰে ৷

গাড়ীখনৰ পিছে পিছে অহা আৰক্ষীৰ আন এটা দলে পিছত ধাননী পথাৰত নামি ৰফিকুলৰ সন্ধানত অভিযান চলাই যদিও ৰফিকুলক বিচাৰি নাপালে ৷ আৰক্ষীয়ে লগে লগে ঘটনাস্থলীতে এ এছ ০২ এছ ০৪৬১ নম্বৰৰ গাড়ীখন তালাচী চলাই পইন্ট ২২ পিস্তলটোৰ লগতে এটা মেগজিন , ৩৫ ৰাউণ্ড গুলী উদ্ধাৰ কৰাৰ লগতে নগদ ২৭৫৮০ টকা উদ্ধাৰ কৰে ৷

নিশা ৰফিকুল ইছলামে পলায়ন কৰাৰ পিছৰে পৰা খাটোৱাল আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ অন্তত শুকুৰবাৰে পুনৰ ৰফিকুলক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ৰফিকুলক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ ডিমাপুৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰি ৰফিকুল ইছলামে নগাঁৱত বিক্ৰি কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

আৰু পঢ়ক: বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ডাম্পাৰে মহটিয়ালে ছাত্ৰক…

assam Assam police nagaon drugs