/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bongaigaon.jpg)
ডিজিটেল সংবাদ, চিৰাং : বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ, নগদ ধনসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে চিৰাং আৰক্ষীয়ে। বঙাইগাঁও জিলাত ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে সফল অভিযান চলাই হিমাঙ্গ কলিতা (২০) ওৰফে মাঙ্গো নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।
আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে চিৰাঙৰ উপ আৰক্ষী অধীক্ষক লব কুমাৰ ডেকাৰ নেতৃত্বত শুকুৰবাৰে পুৱতি নিশা বঙাইগাঁও চহৰৰ নিউ কলনী এলেকাত অভিযান চলাই হিমাঙ্গ কলিতা (২০) ওৰফে মাঙ্গো নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা অভিযানকাৰী আৰক্ষীয়ে চাৰি গ্ৰাম নিষিদ্ধ হেৰ'য়িন, নগদ ৪ লাখ ৯০ হাজাৰ ৪০০ টকা, দুটা চিৰিঞ্জ, এটা আইপেড, আঠটা মোবাইল হেণ্ডচেট আৰু এখন য়ামাহা এফ জেড মটৰচাইকেল জব্দ কৰে । ড্ৰাগছ সৰবৰাহকাৰী মাঙ্গোক আটক কৰি চিৰাঙত আনি অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ।
আৰু পঢ়ক : ট্ৰেণ্ট ব'ল্টৰ টেষ্ট কেৰিয়াৰ শেষ! এই মন্তব্য প্ৰাক্তন কিৱি ক্ৰিকেটাৰৰ…