লালুং গাঁও, ভেটিয়নী গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী আৰু গাঞ্জা বেপাৰী আটক…

লালুং গাঁও, ভেটিয়নী গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী আৰু গাঞ্জা বেপাৰী আটক…

author-image
asomiyapratidin
New Update
লালুং গাঁও, ভেটিয়নী গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী আৰু গাঞ্জা বেপাৰী আটক…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গোপন সূত্ৰৰ পম খেদি নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়ে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুং গাঁও আৰু ভেটিয়নী গাঁৱৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু এটা গাঞ্জা বেপাৰীক আটক কৰে।

বৃহস্পতিবাৰে চলোৱা অভিযানত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১৯ টা কন্টেইনাৰৰ লগতে ২.৯৪ গ্ৰাম ড্ৰাগছ আৰু গাঞ্জা বেপাৰীৰ পৰা .৪৬৮ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে।

ধৃত ড্ৰাগছ ব্যৱসায়ীটো লালুং গাঁৱৰ আটাবুৰ ৰহমান। পূৰ্বতে সি নিজে ড্ৰাগচ সেৱন কৰি বৰ্তমান অবৈধ ড্ৰাগছৰ সৰবৰাহ কৰি অঞ্চলটোৰ বহু যুৱকক ধ্বংসৰ পথলৈ ঠেলি দিছে। ইফালে গাঞ্জা বেপাৰটো, ভেটিয়নী গাঁৱৰ পূৰ্ণ নাথ।

নাথে পূৰ্বে হত্যাৰ অপৰাধত জেলত আছিল, জেলৰ পৰা ওলাই আহি বৰ্তমান গাঞ্জা ব্যবসায় কৰি অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰি আহিছিল। বটদ্ৰবা আৰক্ষীয়ে দুয়োকে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

nagaon assam himanta biswa sarma Assam police