/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/nagaon-3.jpg)
ডিজিটেল সংবাদ,নগাঁও: দীৰ্ঘ সময়ৰ অন্তত গ্ৰেপ্তাৰ হ'ল চিকিৎসক ডা° গজেন্দ্ৰ নাথ ৷ ডা° নাথৰ বিৰুদ্ধে অভিযোগ উঠিছিল পত্নী নিৰ্যাতনৰ অভিযোগ ৷ তাৰ পাছতেই ২০২১ চনৰ পৰা ডা° গজেন্দ্ৰ নাথৰ সন্ধানত আছিল নগাঁও আৰক্ষী ৷
নগাঁও জিলাৰ ৰহা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৪/৩২৬/৩০৭/২০২/৫০৬/৪৪৭/৩৫৪/৫০৯/৩৮২/৩৪ ধাৰাৰ অধীনত এক গোচৰ ৰুজু হৈ আছিল চিকিৎসক জনৰ বিৰুদ্ধে ৷
আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি নগাঁও জিলাৰ চামগুৰিত চিকিৎসক জনৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ চামগুৰিৰ ফুকনটোল গাঁৱত আশ্ৰয় গ্ৰহণ কৰি থকাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ডা° গজেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
আৰু পঢ়ক: প্ৰতিবাদ, আটক কংগ্ৰেছ নেতা ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া