নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে সুৰেশ বৰাই

নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে সুৰেশ বৰাই

author-image
asomiyapratidin
New Update
নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে সুৰেশ বৰাই

ডিজিটেল সংবাদ,নগাঁও : ঐতিহ্যমণ্ডিত নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে যুৱ নেতা সুৰেশ বৰাই ৷ পৌৰসভা নিৰ্বাচনৰ পিছৰে পৰা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আসনখন খালী হৈ আছিল ৷ শেহতীয়াকৈ বঢ়মপুৰৰ সুৰেশ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পিছত বৃহস্পতিবাৰে সুৰেশ বৰাই দায়িত্ব গ্ৰহণ কৰে ৷

Advertisment

এই উপলক্ষে নগাঁৱৰ কংগ্ৰেছৰ কাৰ্যালয়ত এক সভা অনুষ্ঠিত হয় ৷ দীৰ্ঘ দিনৰ পিছত এই সভাখনত অগনন কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷ দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা সভাখনিত সাংসদ প্ৰদ্যুত বৰদলৈ , গৌৰব গগৈ , বিধায়ক ৰকিবুল হুছেইন , নুৰুল হুদা আদি উপস্থিত থাকে ৷

সভাত নৱ- নিয়ুক্ত সভাপতি সুৰেশ বৰাই দলৰ সকলো নেতাৰ আৰ্শীবাদ বিচৰাৰ লগতে জেষ্ঠ আৰু কনিষ্ট সকলোৰে সহযোগ কামনা কৰে ৷ সভাপতি হিচাপে কাম কৰাৰ সময়ত নগাঁও জিলাত দলটোক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বৰাই কাম কৰি যাব বুলি সভাত উল্লেখ কৰে ৷

আৰু পঢ়ক: ঢকুৱাখনাত বীৰাংগনা সতী  সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন

assam nagaon congress