নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত কাণত ধৰি কোনে কৰিলে উঠা বহা ?

নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত কাণত ধৰি কোনে কৰিলে উঠা বহা ?

author-image
asomiyapratidin
New Update
নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত কাণত ধৰি কোনে কৰিলে উঠা বহা ?

ডিজিটেল সংবাদ,নগাঁও : কাণত ধৰি উঠা বহা কৰিলে কোনে ? নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত কানত ধৰি উঠা বহা কৰিব লগা হ'ল এজন লোকে ৷ বিষয়াৰ কোঠাত কানত ধৰি উঠা বহা কৰিব লগা হোৱা ঘটনাক লৈ এতিয়া সৰৱ চৰ্চা ৷

নগাঁও উপায়ুক্ত কাৰ্যালয়ত মাটিৰ দালালে অবাধ ৰাজত্ব চলাই অহাৰ ঘটনা অসমীয়া প্ৰতিদিন ডিজিটেলত পূৰ্বে বাতৰি প্ৰকাশ পোৱাৰ পিছত হাহাকাৰ লাগিছিল জিলা প্ৰশাসনত ৷ লগে লগে জিলা উপায়ুক্ত নিসৰ্গ হিবৰেয়ে পদক্ষেপ গ্ৰহণ কৰিছিল ৷ জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ ওপৰত ন্যস্ত থকা ৰাজহ বিভাগটো বিকেন্দ্ৰীকৰণ কৰিছিল জিলা উপায়ুক্তই ৷

জিলা উপায়ুক্তই দালালৰাজৰ অবসানৰ বাবে ৰাজহ বিভাগৰ কাম জিলা উন্নয়ন উপায়ুক্ত উদয়াদিত্য গগৈৰ ওপৰতে কেন্দ্ৰীভূত নকৰি ভগাই দিছিল যদিও মাটিৰ দালালে প্ৰশ্ৰয় লাভ কৰি আহিছে ৷ দিন দিয়েক পূৰ্বে ৰাইজে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এজন দালালক আটক কৰি আৰক্ষীক গটাই দিয়াৰ এক ঘটনা সংঘটিত হৈছিল ৷

ৰাইজে মাটিৰ দালাল আৰক্ষীক ধৰি গটাই দিয়াৰ পিছত শনিবাৰে আকৌ নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত মাটি দালালৰ আবিৰ্ভাব ৷ এইবাৰ দালাল ওলাল ভাৰতীয় প্ৰশাসনিক বিষয়াৰ কোঠাত ৷ বিষয়াক আগবঢ়াই দিলে ধনৰ টোপোলা ৷ বিষয়াৰ কোঠাত সোমাই প্ৰত্যক্ষ ভাৱে আগবঢ়ালে ধন ৷ লগে লগে বিষয়াজন কঠোৰ হৈ পৰিল ৷ মাটিৰ দালালক কোঠাতে কানত ধৰালে ৷ তাৰ পিছত উঠা বহা কৰালে ৷

মাটিৰ দালালজন আছিল উপায়ুক্ত কাৰ্যালয় চৌহদতে কাম কৰা এজন তৰনী ৷ বিষয়াজনে মাটিৰ কামৰ বাবে উৎকোচ আগবঢ়োৱা দালালজনক কানত ধৰি উঠা বহা কৰোৱাৰ লগতে ভৱিষ্যতে এনে কাম নকৰিবলৈ সৰ্তক কৰি দিয়ে ৷ দালালজনেও পুনৰ এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

মাটিৰ দালালক শাস্তি প্ৰদান কৰা এই বিষয়াজন হৈছে ভাৰতীয় প্ৰশাসনিক বিষয়া আৰণ্যক শইকীয়া ৷ শইকীয়া নগাঁৱত সহকাৰী আয়ুক্ত হিচাপে নিয়ুক্ত হৈ আছে ৷ ৰাজহ বিভাগৰ কলিয়াবৰ আৰু ৰূপহী চক্ৰৰ শাখা বিষয়াৰ দায়িত্ব আছে আৰণ্যক শইকীয়া ৷ নবাগত আই এ এছ বিষয়া আৰণ্যক শইকীয়াই মাটিৰ দালালৰ বিৰুদ্ধে দেখুওৱা এনে নিদৰ্শন নগাঁৱত কৰ্তব্যৰত সকলোয়ে দেখুৱালে নিশ্চিত ভাবে সমাজৰ হিত সাধন হ'ব ৷

আৰু পঢ়ক: ওদালগুৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ

nagaon assam