নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত চৰম অৰাজকতা…

নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত চৰম অৰাজকতা…

author-image
asomiyapratidin
New Update
নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত চৰম অৰাজকতা…

ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত চৰকাৰী কাম সম্পাদন কৰিব লগা আছে নেকি ? যদি আছে তেনেহ'লে জেপত যদি ধন নাই উপায়ুক্ত কাৰ্যালয়লৈ নাযাব ৷ কাৰণ জেপত ধন নাথাকিলে দালালক দাবী কৰা ধন আদায় নিদিলে কোনো চৰকাৰী কাম সম্পাদন নহব নগাঁও উপায়ুক্ত কাৰ্যালয়ত ৷

নগাঁও উপায়ুক্ত কাৰ্যালয়ত এতিয়া দালালৰ ৰাজত্ব চলিছে ৷ প্ৰতিজন বিষয়াৰ কাৰ্যালয়ৰ বাহিৰত দালালে খুটি পুতি বহিছে ৷ কোনো চৰকাৰী কামত কোনো বিষয়াৰ ওচৰলৈ সৰ্বসাধাৰন লোক যাব নোৱাৰা এটি পৰিবেশে গা কৰি উঠিছে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ৷ কৰিডৰে কৰিডৰে দালালৰ অবাধ ৰাজত্ব ৷

নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত বৰ্তমান উপায়ুক্ত হিচাপে আছে আই এ এছ বিষয়া নিৰ্সগ হিবৰে ৷ উপায়ুক্ত হিচাপে তেওঁ নবাগত ৷ জিলা উন্নয়ন বিষয়া হিচাপে আছে উদায়াদিত্য গগৈ ৷ ইয়াৰ বাহিৰে অতিৰিক্ত উপায়ুক্ত হিচাপে আছে প্ৰশান্ত বৰুৱা , মনোৰঞ্জন পায়েঙ , শান্তনা বৰা , দেবাহুতি বৰা , দেৱজানী চৌধুৰী আৰু বিজেতা বৰা ৷ ইয়াৰ বাহিৰেও আছে অসম প্ৰশাসনিক সেৱাৰ বিষয়া ধীৰাজ জৈন , অজিত কলিতা , অদিতি বৰ্মন , অদিতি নেওগ আদি ৷

এই বিষয়া সকলৰ নাম লৈ উপায়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী আৰু দালালে অৰাজকতাৰ সৃষ্টি কৰি আহিছে ৷ উপায়ুক্ত কাৰ্যালয়ৰ চৰকাৰী কামৰ ফাইল লেহেমীয়া গতিত চলাৰ সুবিধা লৈছে দালাল চক্ৰটোয়ে ৷ সৰ্বসাধাৰন লোকৰ চৰকাৰী কাম বিলম্বন হোৱাৰ সুবিধা লৈ দালাল চক্ৰটোয়ে পাঁচ শৰ পৰা দুই লাখলৈকে ধন আদায় কৰে সাধাৰন লোক পৰা ৷ তাৎপৰ্যপূৰ্ণ বিষয় এই যে এই দালালক ধন আদায় দিলে আকৌ চৰকাৰী কাম সোনকালে সম্পাদন হৈ উঠে ৷

জানিব পৰা মতে উপায়ুক্ত কাৰ্যালয়ৰ চৰকাৰী কাম ভগোৱাৰ ক্ষেত্ৰত কেৰোন থকাৰ বাবেই উৎকোচৰ মুকলি বজাৰ বহা বুলি জানিব পৰা গৈছে ৷ এজন দুজন বিষয়াকে অত্যাধিক কামৰ দায়িত্ব অৰ্পন কৰি থোৱাৰ বাবে এনে অৰাজকতাৰ সৃষ্টি হৈছে ৷ অতিৰিক্ত কামৰ বোজাৰ বাবে বিষয়াই কাম সম্পাদনত বিলম্বন হয় ৷ অতিৰিক্ত উপায়ুক্ত দেৱজানী চৌধুৰী আৰু বিজেতা ডেকাক উপায়ুক্ত কাৰ্যালয়ৰ কোনো শাখাৰ কামৰ দায়িত্ব অৰ্পন নকৰি জিলা উপায়ুক্ত নিৰ্সগ হিবৰেয়ে বহুৱাই থৈছে ৷ ইয়াৰ বিপৰিতে জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈক অত্যাধিক কামৰ দায়িত্ব অৰ্পন কৰি থৈছে ৷ অত্যাধিক কামৰ দায়িত্ব অৰ্পন কৰাত বিষয়া গগৈ সমস্যাত পৰিছে ৷

অন্য খবৰ পঢ়ক: পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিয়া একমাত্ৰ দল বিজেপি: মোডী

বিষয়াজনক সকলো উন্নয়ন মূলক কাম , জিলা পৰিকল্পনা শাখা , এম এছ ডি পি , পি এম এ ৱাই , পিএম কিচান , জে জে এম , পঞ্চায়তৰাজ প্ৰতিষ্ঠান , গ্ৰাম্যন্নোয়ন কা আৰু মনিটৰিঙ , ডি ডি এম এ , নিৰ্বাচন শাখা , কৰ্ট কেচ , ৰাজহ মীমাংশা , মাটি কিনা-বেচাৰ অনুমতি , সকলো ধৰনৰ মাটিৰ চৰকাৰী কাম , গাঁও বুঢ়া শাখা , আৰ কে জি , সাহাৰ্য্য আৰু পুনৰসংস্হাপন , নজৰত শাখা , কোষাগাৰৰ বিষয় , নগাঁও সদৰৰ ৰাজহ বিভাগৰ আপীলৰ গোচৰ , বাকীজাই , প্ৰটকল আৰু প্ৰয়োজনত নিয়োজিত কৰা আন আন কাম কৰিব লাগিব এইজন বিষয়াই ৷ উপাযুক্ত নিৰ্দেশত প্ৰতিদিনে বিষয়া উদয়াদিত্য গগৈয়ে এই সকলো কাম কৰিবলৈ বাধ্য ৷ প্ৰশ্ন হৈছে এজন বিষয়াক এনেদৰে পাইকাৰী হাৰত কাম কৰিবলৈ দিলে কাম কৰিব পাৰিবনে ? চৰকাৰী কামে গতি লবনে ?

অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাক দায়িত্ব দি থোৱা হৈছে মেজিষ্টটেচি , প্ৰশাসন , পাচপ'ৰ্ট , আগ্নেয়াস্ত্ৰ , বিষ্ফোৰক আদিৰ বিষয় ৷ লগতে আছে স্বাস্হ্য বিভাগ , শিক্ষা বিভাগ , পৰিবহন বিভাগ , মুক্তিযোদ্ধা আৰু হজ সমিতি , মানব অধিকাৰ , পি আৰ চি , কলিয়াবৰৰ ৰাজহৰ আপীলৰ কাম , চি আৰ পি চি , বাকীজাই গোচৰ , নিদিষ্ট বিভাগৰ আদালতৰ গোচৰ আৰু প্ৰয়োজনত ন্যস্ত হোৱা কাম সম্পাদন কৰিবলৈ বাধ্য অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা ৷ বিষয়া মনোৰঞ্জন পায়েঙৰ হাতত আছে ব্যক্তিগত শাখা আৰু পেঞ্চন , এন আৰ চিৰ নডেল বিষয়া , ই-গভৰ্নেঞ্চ , ৰহাৰ ৰাজহৰ আপীলৰ গোচৰ , চি আৰ পি চি কেচ , প্ৰটোকল আদি ৷

বিষয়া শান্তনা বৰাই খাদ্য আৰু অসামৰিক বিভাগ , এন জি টি , বন , আবকাৰী , কৃষি আৰু জে জে এম, সহকাৰী ডি ডি চি , চামগুৰিৰ ৰাজহৰ আপীলৰ গোচৰ , প্ৰটোকল আদিৰ দায়িত্বত আছে ৷ অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰা সমাজ কল্যান , মহিলা কোষ , জিলা শিশু প্ৰকল্প , এছ চি -এছ টি – পিছপৰাশ্ৰেণীৰ কাম , চি এল পি , চি ডব্লিউ চি , সাংস্কৃতিক আৰু পুথিভড়াল , বাকীজাই , মীন , ৰূপহীৰ আপীল গোচৰ , প্ৰটোকল আদিৰ দায়িত্ব আছে ৷ ইয়াৰ বিপৰীতে দুগৰাকীকৈ অতিৰিক্ত উপায়ুক্তক স্হায়ী কামৰ দায়িত্ব কিয় দিয়া হোৱা নাই ই ৰহস্যজনক ৷ বিশেষকৈ জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈ আৰু অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাক জিলা উপায়ুক্ত নিৰ্সগ হিবৰেয়ে পাইকাৰী হাৰত কামৰ দায়িত্ব দি থোৱাতে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত চৰম অৰাজকতাৰ সৃষ্টি হৈছে ৷ ইয়াৰ পূৰ্ণ সুযোগ বুজি দালাল চক্ৰই চহৰঅঞ্চলৰ গৃহ নিৰ্মানৰ অনুমতিৰ বাবে উপায়ুক্তৰ নামতেই এহেজাৰ টকাকৈ সাধাৰন লোকৰ পৰা আদায় লৈ আহিছে ৷

আৰু পঢ়ক: শ্ৰেষ্ঠ ৩০খন বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটক সম্বৰ্ধনা…

nagaon assam