/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5cd29810-58fd-41dd-b10b-991b923dfdf7/nagaon.jpg)
nagaon cow seized
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁৱৰ মাজেৰে উৰিয়াগাঁও-বৰঘাট- বেবেজীয়া-ডিমৌ বাইপাছৰ মাজেৰে গৰু সৰবৰাহ কৰি থকা ঘটনাটো আজি দীৰ্ঘদিনীয়া ৷ সোমবাৰে পুৱতি নিশা নগাঁৱৰ বৰঘাট পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সম্প্ৰতি হাজৰিকাৰ তত্বাৱধানত এটি দলে তালাচী চলায়।
বৰঘাট বাইপাছৰ পৰা প্ৰায় দুশ মিটাৰ দুৰত্বত এখন পাঞ্জাৱ বডীৰ ট্ৰাকত সন্দেহ বশত তালাচী চলোৱাৰ উদ্দেশ্যে বৰঘাট পহৰা আৰক্ষী চকীৰ সহ উপ পৰিদৰ্শক গীয়াছউদ্দিন আহমেদে দলটিৰ লগত উপস্থিত হয় ৷
আৰক্ষীৰ লোক তালাছীৰ উদ্দেশ্যে ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ট্ৰাকখনৰ চালকে পলায়ন কৰে ৷ লগে লগে আৰক্ষীয়ে ট্ৰাকখনত তালাছী চলাই ৩২টাকৈ দমৰা গৰু উদ্ধাৰ কৰিৱলৈ সক্ষম হয় ৷
পাছত আৰক্ষীয়ে বেঙেনাআটী গোশালাত গৰুকেইটা চমজাই দিয়ে ৷ উল্লেখ্য যে, ডবকা ফালৰ পৰা নিশাৰ ভাগত এখন পাঞ্জাৱ বডীৰ ট্ৰাকত পাণ জপা দি এই দমৰা গৰু সমূহ অতি নিদাৰুণ ভাৱে খানাপাৰা, শ্বিলং হৈ বাংলাদেশলৈ কঢ়িয়াই নিয়াৰ এক ফন্দি পাতিছিল বুলি আৰক্ষীয়ে জানিব দিছে ৷ জব্দকৃত পাঞ্জাৱ বডীৰ ট্ৰাকখনৰ নম্বৰ এ.এছ.০১ এইছ.চি ৯৫৮৩।