নগাঁৱৰ ফটো সাংবাদিক, চিত্ৰ শিল্পীৰ দেহদান...

চিকিৎসা বিজ্ঞানৰ উত্তৰনৰ বাবে নগাঁৱৰ এক দম্পতীয়ে দান কৰিছে মৰনোত্তৰ দেহ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ফটো সাংবাদিক, চিত্ৰ শিল্পীৰ দেহদান...

body donation

ডিজিটেল সংবাদ, নগাঁও : চিকিৎসা বিজ্ঞানৰ উত্তৰনৰ বাবে নগাঁৱৰ এক দম্পতীয়ে দান কৰিছে মৰনোত্তৰ দেহ ৷ নগাঁৱৰ বিশিষ্ট ফটো সাংবাদিক নৃপেন শইকীয়াই দান কৰিছে নিজৰ শৰীৰ ৷ শইকীয়া নগাঁৱৰ বিশিষ্ট আলোকচিত্ৰ প্ৰশিক্ষকো ৷

নৃপেন শইকীয়াৰ পত্নী, বিশিষ্ট চিত্ৰ শিল্পী পল্লৱী শৰ্মাও কৰিছে দেহদান ৷ সোমবাৰে নৃপেন শইকীয়া আৰু পল্লৱী শৰ্মাই নগাঁৱৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে দেহদান কৰে ৷

দুয়োজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি দাখিল কৰে ৷ লগতে দুয়োজনে ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সদস্য পদো গ্ৰহণ কৰে ৷

nagaon assam