/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/nagaon.jpg)
ডিজিটেল সংবাদ,নগাঁও: স্বামীৰ মৃত্যুৰ সুবিধা লৈ ভূমি-ব্যৱসায় প্ৰতিস্থান গৃহ দখলৰ অভিযোগ উঠিছে নগাঁৱত ৷ বেদখলকাৰীৰ কাৰ্যত হাহাকাৰ দেখিছে এগৰাকী বিধৱা মহিলাই ৷ নিৰাপত্তাহীনতাত ভূগিছে একমাত্ৰ কনমানি সন্তানক লৈ ৱাহিদা বেগম ৷
ঘটনাটো সংঘটিত হৈছে নগাঁও চহৰৰ বৰবজাৰত ৷ ৱাহিদা বেগমৰ ঘৰতে থকা ভাড়াৰৰ বাবে থকা প্ৰতিস্থানৰ গৃহ দত্ত উপাধিৰ দুই ভাতৃয়ে ব্যৱসায় কৰি আহিছিল ৷ ৱাহিদাৰ স্বামী মৌচিন খানে জীবিত কালত মাটি আৰু গৃহ দত্ত ভাতৃক ভাড়ালৈ দিছিল ৷
ভাড়াতীয়া দত্ত ভাতৃয়ে পিছত ভাড়া হিচাপে লোৱা গৃহ আৰু ভূমি মৌচিনৰ পৰা ক্ৰয় কৰিবলৈ ঠিক কৰে ৷ সেই মতে দত্ত ভাতৃয়ে আগ ধন হিছাপে প্ৰায় দুই লাখ টকা আদায় দিয়ে ৷ কিন্তু সমূদায় ধন আদায় দি মাটি-গৃহ দত্ত ভাতৃয়ে নিজৰ নামত লিখাই নল'লে ৷ ইয়াৰ কিছু দিনৰ পিছত মৌচিন খানৰ মৃত্যু হয় ৷ আগধন দি দত্ত ভাতৃয়ে গৃহৰ ভাড়াৰ ধন মৌচিনৰ অনুপস্থিতিত পত্নী ৱাহিদাক আদায় নিদিয়াৰ অভিযোগ উঠে ৷
শেহতীয়াকৈ দত্ত ভাতৃক ৱাহিদাই ঘৰ খালি কৰিবলৈ কোৱাত আৰম্ভ হয় সংঘাট ৷ দত্ত ভাতৃয়ে এই সম্পত্তি নিজৰ বুলি দাবী কৰিবলৈ লয় ৷ ফলত বিষয়টো আদালতৰ মজিয়া পায় ৷ আদালতে উক্ত স্থানত বিবাদ নিস্পত্তি নোহোৱা পৰ্যন্ত শান্তি বজাই ৰখাৰ লগতে নতুনকৈ নিৰ্মান নকৰিবলৈ নিদ্দেৰ্শ দিয়ে ৷ আদালতৰ নিৰ্দেশ অবমাননা কৰি দত্ত ভাতৃয়ে নিৰ্মানৰ কাম কৰাৰ অভিযোগ আনি ৱাহিদা বেগমে গৃহত তলা লগাই দিয়ে ৷
এই ঘটনাৰ পিছতে বৰবজাৰত ভূমি-গৃহ বেদখলক লৈ অশৃংখল পৰিবেশৰ সৃষ্টি হয় ৷ শনিবাৰৰ নিশাও বেদখলক লৈ তীব্ৰ সংঘাটৰ সৃষ্টি হয় ৷ ইফালে দত্ত ভাতৃয়ে বেদখলৰ কথা অস্বীকাৰ কৰিছে ৷ ভূমি আৰু গৃহ ক্ৰয় কৰা বুলিহে জনাইছে ৷ অৱশ্যে এই ঘটনাৰ প্ৰকৃত সত্য আদালতৰ চূড়ান্ত ৰায়ৰ জৰিয়তেহে জানিব পৰা যাব ৷
আৰু পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us