/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nagaon-6.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ পুৰণিগুদামৰ এখন কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ লোকক ৷ জহি খহি যোৱা দলঙখনি সুচল যাতায়তৰ বাবে কোনো ব্যৱস্থা লোৱা নাই লোক নিৰ্মান বিভাগে ৷ পুৰণিগুদামৰ আইথানৰ ওচৰত থকা দলঙখন সুচল কৰি তুলিবলৈ স্থানীয় লোকে বাৰম্বাৰ লোকনিৰ্মান বিভাগৰ বিষয়াক আবেদন নিবেদন কৰিছে যদিও সুফল লাভ কৰা নাই ৷ উল্লেখ্য যে বিভাগীয় নথিত একাধিক বাৰ কাঠৰ দলঙখন মেৰামতি কৰি চৰকাৰী ধন ব্যয় কৰা দেখুৱা হৈছে যদিও বিগত কেইবা বছৰ স্থানীয় লোকে দলঙখন মেৰামতি কৰা প্ৰত্যক্ষ কৰা নাই ৷
বৰ্তমান যাতায়তৰ অনুপযুক্ত হৈ পৰা কাঠৰ দলঙখন মাজতে ভাগি পৰিছে ৷ কলঙপাৰ হালোৱাগাঁৱৰ লগত চাৰিলেন যুক্ত ঘাই পথক কলঙসূঁতিৰ ওপৰৰ দলঙখনে সংযোগ কৰা হৈছিল ৷ চাৰিলেন যুক্ত ঘাইপথেৰে সংযোগ হোৱা এখন দলঙ জহি খহি যোৱাৰ পিছটো লোকনিৰ্মান বিভাগে বিষয়টো কোনো গুৰুত্ব নিদিয়াটো ৰহস্যজনক ৷
দলঙখনেৰে যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ পিছত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ ৷ একেদৰে সমস্যাৰ সৃষ্টি হৈছে বিভিন্ন বিভাগত কৰ্তব্যৰত কৰ্মচাৰী সকলৰ ৷ একেদৰে কোনো লোক অসুস্থ হৈ পৰিলে চিকিৎসালয়লৈ যাবলৈ অসুবিধা হয় ৷ কিছু নিলগত আউনিআটী-কঢ়ালী গাঁও সংযোগি আন এখন দলঙ আছে যদিও দলঙ সংযোগী পথটোৰ তথৈবচ ৰূপে জলাকলা খুৱাইছে সাধাৰণ লোকক ৷
ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এই কাঠৰ দলঙখনক লৈ সৰব নহয় স্থানীয় বিধায়ক ৷ সততে বিধানসভাত সৰব হোৱা স্থানীয় বিধায়কজনে বছৰৰ পিছত বছৰ যাতায়তৰ বাবে অনুপযুক্ত হৈ পৰা এই দলঙখনি মেৰামতি বা পুনৰনিৰ্মাণৰ বাবে কাম কৰোৱাব নোৱাৰাটো হাস্যকৰ ঘটনা হিচাপে পৰিগণিত হৈছে ৷
ইফালে এই দলঙখনি বঢ়মপুৰ সমষ্টিৰ বাসিন্দাৰ বাবেও প্ৰয়োজন ৷ বঢ়মপুৰ, ৰূপহীহাটক সংযোগ কৰিছে এই দলঙখনে ৷ ৰূপহীহাটৰ বিধায়কজনৰ দৰে বঢ়মপুৰৰ বিধায়ক জনেও এই কাঠৰ দলঙখন সুচলৰ কৰি তোলাত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷
আৰু পঢ়ক : ৰাজ্যৰ সংবাদ মাধ্যৰ সম্পাদক, কাৰ্যবাহী সম্পাদকৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ বৈঠক…