/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/12fbd1d6-2ab8-4672-b2a1-dcac8dfac922/nagaon.jpg)
nagaon book published
ডিজিটেল সংবাদ, নগাঁও : বৃহস্পতিবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত গ্ৰন্থবিপনী বুক নুক কেফেত ডাঃ বৰাৰ নতুন গ্ৰন্থ ভক্তিৰ অনিৰুদ্ধ যাত্ৰাৰ উন্মোচন কৰা হয়। এক ব্যতিক্ৰমী ৰূপেৰে গ্ৰন্থখন উন্মোচন কৰি কৰি লগতে কয় যে তৃণমূল পৰ্যায়ৰ ধৰ্মীয় জাগৰণ যাৰ ফলত আমি শংকৰদেৱ সংঘৰ নিচিনা অনুষ্ঠানসমূহ পাইছো।
আৰু ৰক্ষণশীলতাৰ গৰাহত সুমাই পৰা সত্ৰৰ বৈষ্ণৱ জনক আমি নতুন ৰূপত বিচাৰি পোৱাৰ যাত্ৰাই আমাক ধৰ্মীয় চিন্তাৰ বেলেগ পথবোৰো মুকলি কৰি দিব বুলিও তেওঁ মন্তব্য কৰে।
বুক নুক কেফেৰ গাম্ভীৰ্যপূৰ্ণ এই ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী অনুষ্ঠানত স্বত্তাধিকাৰী প্ৰশান্ত বৰা, বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, কুমাৰ বিভূতি, নীলাভ সৌৰভ, লোক সংগীতৰ সাধক গোলাপ বৰা , লেখক তথা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
গ্ৰন্থ উন্মোচন কৰি তেওঁ গ্ৰন্থখনৰ সন্দৰ্ভত মন্তব্য কৰে যে অসমত ভক্তি আন্দোলনৰ যি পাৰম্পৰিক ধাৰা সেই ধাৰাক অতিক্ৰম কৰিব নোৱাৰিলে ধৰ্মীয় কথাবোৰ কেৱল এটা বিশেষ গণ্ডীৰ মাজতে সুমাই থাকিব। অসমত বৈষ্ণৱ আন্দোলনৰ চৰ্চা খুব কম হৈছে। ভক্তি আন্দোলনৰ ঐতিহাসিক পটভূমি অসমত অহাৰ দিশটোও অত্যন্ত আমোদজনক।
যিসময়ত শংকৰদেৱ আৰু তেওঁৰ শিষ্যসকলে ধৰ্ম প্ৰচাৰ কৰিছিল সেই সময়ত ৰাজনৈতিক ভাৱে গোটেই অসমখনত মংগোলীয় সভ্যতা আছিল।এই মংগোলীয় সভ্যতাৰ ভাষা কৃষ্টি সংস্কৃতি সকলো বেলেগ আছিল। গোটেই অসমত বৈষ্ণৱ প্ৰৱহনৰ মাজত গুৰুচৰিত কথাৰ প্ৰসংগ অন্যতম। অসমত শংকৰদেৱে গুৰুনানক আৰু চান্দসাইক লগপোৱাৰ বিভিন্ন দিশে ধৰ্মীয় বহু কথাক এক নতুন মাত্ৰা দিছে।