/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/96b97418-3918-45e6-89d4-9f7d7c5a751a/neta_death.jpg)
ডিজিটেল সংবাদ, নগাঁও : বিজেপিৰ জ্যেষ্ঠ নেতা শংকৰ বিশ্বাসৰ পৰলোক প্ৰাপ্তি ৷ বৃহস্পতি বাৰে শেষ নিশা জ্যেষ্ঠ নেতাজনে মৃত্যুক সাৱতি লয় ৷
নগাঁও জিলাৰ চামগুৰিৰ বাজিয়া মণ্ডল বিজেপিৰ সভাপতিৰ দায়িত্ব পূৰ্বতে নিষ্ঠাৰে পালন কৰা শংকৰ বিশ্বাসৰ মৃত্যুত ম্ৰিয়মান বিজেপিৰ নেতা কৰ্মী সকল ৷ প্ৰয়াত বিশ্বাসে বিজেপি শাসনলৈ আনিবলৈ পণ গ্ৰহণ কৰিছিল ৷
দল শাসনলৈ নহা পৰ্যন্ত নিজৰ চুলি, দাড়ী নকতাৰ পণ গ্ৰহণ কৰিছিল ৷ আনকি ভৰিত জোতা চেণ্ডেল পিন্ধাটো বৰ্জন কৰিছিল ৷ এনে এজন নিষ্ঠাবান বিজেপি নেতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বাজিয়া বিজেপি মণ্ডল সমিতিয়ে ৷
কুহুমতলিৰ নিবাসী বিশ্বাসৰ মৃত্যুৰ পিছতে বিধায়ক মৃনাল শইকীয়া , নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ , বাজিয়া বিজেপি নেতা প্ৰানজিৎ বৰা আদি বাসগৃহত উপস্হিত হৈ পৰিয়ালৰ লোকক সমবেদনা জনায়।