অসম যুৱ পৰিষদ-অসম ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন…

অসম যুৱ পৰিষদ-অসম ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন…

author-image
asomiyapratidin
New Update
অসম যুৱ পৰিষদ-অসম ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন…

ডিজিটেল সংবাদ,বেবেজীয়া: সমগ্ৰ ৰাজ্যতে এতিয়া বাপতিসাহোন ৰঙালী বিহুৰ বতৰ ৷ গাঁৱে-ভূঁঞে চহৰে নগৰে এতিয়া ৰঙালীৰ পাৰভঙা উৎসাহ-উদ্দিপনা ৷ তাৰ ব্যতিক্ৰমী নহয় নগাঁও জিলা অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদ ৷

Advertisment

অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে গাঁও জিলা অগপৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগনত বাপতিসাহোন ৰঙালী উৎসৱটি অতি উলহমালহেৰে উদযাপন কৰা হয় ৷ সেই উপলক্ষে পুৱা ১১ বজাত দলীয় পতাকা উত্তোলন কৰে অগপ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই ৷

বিহুৰ পতাকা উত্তোলন কৰে সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ৷ শ্বহীদ তৰ্পণ কৰে জিলা সম্পাদকদ্বয় নিৰঞ্জন বৰা আৰু যতীন নাথে ৷ বিয়লি ২ বজাত আমন্ত্ৰিত জ্যেষ্ঠ অতিথি তথা বিশিষ্ট অতিথি সকলক আদৰণি জনোবাৰ পাছত জিলাখনৰ আঠটা বিধান সভা সমষ্টিৰ আঠ জনকৈ বিশিষ্ট ব্যক্তি ক্ৰমে- বিশিষ্ট শিক্ষাবিদ,শংকৰী কলাকৃষ্টিৰ সাধক তিলক মজুমদাৰ,বিশিষ্ট নাট্যকাৰ ৰামেশ্বৰ হাজৰিকা,নাট্যকাৰ পৰিচালক কানু গোস্বামী,বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতি,বটদ্ৰৱাৰ আৰ্দশ শিপিনী ভোগেশ্বৰী বৰুৱা,আৰ্দশ কৃষক আব্দুৰ ৰছিদ,বিশিষ্ট অংকীয়া শিল্পী বুলেন চন্দ্ৰ কলিতা,নাট্যশিল্পী লাটু শৰ্মাক একোখনকৈ ফুলাম বিহুৱান,চেলেং,জাপি,শৰাইৰে সম্বৰ্ধনা জনোৱা হয় ৷

বিয়লি ৪ বজাত মুকলি বিহুৰ বাৰেৰহণীয়া কৃষ্টিসংস্কৃতি প্ৰদৰ্শন কৰা হয় ৷ বাৰেৰহণীয়া কৃষ্টিসংস্কৃতি প্ৰদৰ্শনত হুঁচৰি বিহু পৰিবেশন কৰে বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ জোৱান সকলে ৷ লংকাৰ বিহু দল জাংফাই সুৰৰ ধৰ্ব্বনি প্ৰদৰ্শন কৰাৰ অন্তত এনাজৰী সাংস্কৃতিক গোষ্ঠী ধিংৰ নৃত্য শিল্পীৰ দলৰ নৃত্য প্ৰদৰ্শন হয় ৷ ইয়াৰ পাছতে এক অভিনন্দন অনুষ্ঠানত অসম ৰঞ্জি দলৰ অধিনায়ক অমিত সিনহা আৰু ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ পৰিচালক ইন্দ্ৰনীল গায়নক সম্বদ্ধৰ্না জনোৱা হয় ৷ নগাঁৱৰ চমুৱাগাঁৱৰ হুৰাই লাহৰী গোষ্ঠীৰ লোকবাদ্য আৰু লোকনৃত্যানুষ্ঠান প্ৰদৰ্শনৰ পাছতে ফ্ৰেণ্ডশ্বিপ বিহুৱা দলৰ বিহু প্ৰদৰ্শনৰ অন্তত সমূহীয়া বিহুৰ জলপান গ্ৰহণৰ পাছতে দিনজোৰা কাৰ্য্যসূচীৰ সামৰণি পৰে ৷

আৰু পঢ়ক: ধুবুৰীত কৰ্তব্যত অনুপস্থিত থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ…

assam congress