/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2c15efb7-8e4f-4604-a728-55561609a06c/ng.jpg)
ডিজিটেল সংবাদ, নগাওঁ : খাকী পোছাক এৰি নগাঁৱত ভাওনাৰ পোছাক পৰিধান কৰিলে নগাঁৱৰ এদল আৰক্ষীয়ে। লগতে লাঠী আৰু বন্দুক এৰি হাতত তুলি ল'লে ধনু, গদা আৰু তৰোৱাল।
বুধবাৰৰ নিশা নগাওঁ আৰক্ষী নিৱেশত নগাওঁ আৰক্ষীয়ে প্ৰদৰ্শন কৰিলে অংকীয়া ভাওনা "বালিবধ"। আৰক্ষীৰ খাকী পোছাক যোৰৰ আৰতো যে এটা কলা সুলভ চেতনা লুকাই থাকে, তাকেই প্ৰমাণ কৰি দেখুৱালে নগাঁৱৰ আৰক্ষীয়ে। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে উদ্বোধন কৰা ভাওনা খন শৰতৰ মায়াময় পৰিবেশত বহু লোকে উপভোগ কৰে। আৰক্ষীয়ে প্ৰদৰ্শন কৰা এই ভাওনাই উপস্থিত দৰ্শকক মোহিত কৰে।
অনুষ্ঠানত নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ প্ৰতীম কুম্বাং, আৰক্ষী বিষয়া গোপাল মজুমদাৰ, প্ৰফুল্ল সিংহা, নয়ন নেৱাৰ সহআৰক্ষীৰ লোক সকলে অংশ গ্ৰহণ কৰে। মন্টু গায়নে পৰিচালনা কৰা ভাওনাত প্ৰদীপ ডেকা ( ৰাম), নৱজ্যোতি হাজৰিকা (লক্ষ্মণ), উত্তম কুমাৰ বৰদলৈ (হনুমান), ইন্দেশ্বৰ মহন্ত (ৰাৱণ), পদ্ম বৰা( বালী), বাবু লস্কৰ( সুগ্ৰীব), দিগন্ত নাথ(আগস্ত মুনি ),সঞ্জীৱ বৰা (দুমডুমি), মাধৱ বৰা (মায়াৱন্ত), নিতু বৰা (সুমেৰু), লোকেন দাস (অংগদ), ৰঞ্জিত বৰা (জতায়ু ),নিপন বৰা (কালকেতু ),মালাশ্ৰী হাজৰিকা ( সীতা), দুলু মনি দেৱী(তাৰা),লীলা শইকিয়া(দুত ), পাৰ্থ কলিতা (সূত্ৰধাৰ) আদিয়ে অভিনয় কৰে। গায়ন বায়ণত সহযোগিতা কৰে তোষেশ্বৰ দাস, হেম কলিতা, প্ৰফুল্ল ভূঞা আৰু মন্টু শইকীয়াই।