বেবেজীয়াৰ মাতৃ-কন্যা দুয়োলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান...

নগাঁৱৰ দুই মাতৃ-কন্যা জুনুমণি বৰাক সমাজ ৰত্ন বঁটা আৰু ডিম্পী মণি বৰাক ক্ৰমে শ্ৰেষ্ঠ উদীয়মান জনপ্ৰিয় মডেল আৰু নেবকাছ অসম সুন্দৰী ২০২২ বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
বেবেজীয়াৰ মাতৃ-কন্যা দুয়োলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান...

nagaon award

ডিজিটেল সংবাদ, বেবেজীয়া : "জ্যোতি চিত্ৰবন"ত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সাংস্কৃতিক মঞ্চ চমুকৈ নেবকাছৰ উদ্যোগত যোৱা দেওবাৰে অসমৰ স্বনামধন্য বহু বিশিষ্ট শিল্পী তথা কলা-কুশলীসকলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁৱৰ দুই মাতৃ-কন্যা জুনুমণি বৰাক সমাজ ৰত্ন বঁটা আৰু ডিম্পী মণি বৰাক ক্ৰমে শ্ৰেষ্ঠ উদীয়মান জনপ্ৰিয় মডেল আৰু নেবকাছ অসম সুন্দৰী ২০২২ বঁটা প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত বিশিষ্ট কন্ঠশিল্পী মণিষা হাজৰিকা, অসমৰ অন্যতম জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাকে আদি কৰি বহু বৰেণ্য শিল্পীসকল উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে। স্মৰণীয় যে উক্ত অনুষ্ঠানত ন-পুৰণি কবি-সাহিত্যিক, শিল্পী কলা-কুশলীৰ লগতে নগাঁৱৰ ডিফলুৰ সূৰ্য কন্যা বঁটা প্ৰাপক জুনুমণি দাস আৰু তেওঁৰ কন্যা নগাঁও মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী ডিম্পী মণি বৰাক নিজ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাৰ বাবে দুগুণ উৎসাহেৰে আগুৱাই যাবৰ বাবে নেবকাছৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান প্ৰদান কৰা হয়।

nagaon award assam