নগাঁও-ধিং-ভূৰগাঁও গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থা, বিধায়কক কঠোৰ স্থিতি গ্ৰহণৰ আহ্বান...

বিভাগীয় কৰ্তৃপক্ষই সামান্যতম মেৰামতিৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰত ক্ষোভিত হৈ পৰিছে জিলাখনৰ উত্তৰ পশ্চিমাঞ্চলৰ হাজাৰ বিজাৰ জনসাধাৰণ
nagaon
nagaon

ডিজিটেল সংবাদ , বেবেজীয়া :-  নগাঁও জিলাৰ অতিকৈ ব্যস্ত তথা গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত হোৱা নগাঁও -ধিং- ভূৰগাঁও গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘদিনে যাত্ৰীসকলক জীয়াতু ভোগাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই সামান্যতম মেৰামতিৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰত ক্ষোভিত হৈ পৰিছে জিলাখনৰ উত্তৰ পশ্চিমাঞ্চলৰ হাজাৰ বিজাৰ জনসাধাৰণ ।

উল্লেখ্য যে লোক নিৰ্মাণ বিভাগৰ নগাঁও সংমণ্ডলৰ অধীনস্থ এই পথটিৰে সংযোগ ঘটিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ লগতে ধিং, মৈৰাবাৰী, লাহৰিঘাট আদিৰ দৰে গুৰুত্বপূৰ্ণ বানিজ্যিক অঞ্চল সমূহৰ। 

প্ৰণিধানযোগ্য যে এই পথেৰেই গুৰুজনাৰ জন্মস্থান দৰ্শনৰ বাবে দৈনিক শত সহস্ৰ যাত্ৰী অহা যোৱা কৰি আছে তদুপৰি যি কোনো মুহূৰ্ততে দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰকট তৎসত্বেও যাত্ৰী অহা যোৱা কৰিছে একমাত্ৰ অসমীয়াৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ গৰাকীৰ জন্মস্থান দৰ্শন কৰি নিজকে ধন্য কৰাৰ মানসেৰে ।

অসমৰ মুখ্যমন্ত্ৰীৰ গৰাকীয়ে ৰাইজৰ দুৰ্দশাৰ অন্ত পেলোৱাৰ অৰ্থে নগাঁৱৰ পৰা ধিঙলৈকে ২৬ কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় পথৰ আৰ্হিত নিৰ্মাণ কৰাৰ বাবে ১৫০ কোটি টকাৰ ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণৰ ব্যবস্থা কৰি যোৱা বছৰেই মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ হাতেৰেই পুনৰ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে যদিও অজিলৈকে কামৰ কোনো অগ্ৰগতি হোৱা নাই  ।

জানিব পৰা অনুসৰি প্ৰেমধন কনষ্ট্ৰাকছন আৰু এচ.এম খেলাত নামৰ  দুটা ঠিকাদাৰ গোষ্ঠীয়ে যৌথভাবে এই কামৰ দায়িত্ব লাভ কৰিছিল যদিও তেওঁলোকে বিভিন্ন অজুহাতত কাম বন্ধ কৰি ৰাখি ৰাইজক জীয়াতু ভোগাই আহিছে ।

শাসকীয় দলৰ জনপ্ৰিয় বিধায়ক ৰূপক শৰ্মাক পথটো পুণৰ নিৰ্মাণত ঠিকাদাৰ গোষ্ঠী দুটাৰ মইমতালি বন্ধ কৰিবলৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ আশা ৰাখিছে নগাঁৱৰ উত্তৰ পশ্চিমাঞ্চলৰ হাজাৰ হাজাৰ জনসাধাৰণে ।

অন্যথা ৰাইজে পথ অবৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমৰ আগত অবগত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in