আর্ট ভিলেজ অসমৰ আপুৰুগীয়া সম্পদ : কৃষ্ণমণি নাথ

আর্ট ভিলেজ অসমৰ আপুৰুগীয়া সম্পদ : কৃষ্ণমণি নাথ

author-image
asomiyapratidin
New Update
আর্ট ভিলেজ অসমৰ আপুৰুগীয়া সম্পদ : কৃষ্ণমণি নাথ

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ আর্ট ভিলেজত ১১ জুলাইৰ পৰা আৰম্ভ হোৱা অসমৰ লোকশিল্প টেৰাকোটা আৰু ক্ষুদ্র নাটৰ কর্মশালাৰ শুকুৰবাৰে সফল সামৰণি পৰে। শতাধিক শিশু শিল্পীৰে উদুলি-মুদুলি হৈ পৰে আর্ট ভিলেজ । সামৰণি অনুষ্ঠানত শিশুৱে তৈয়াৰ কৰা অসমৰ লোকশিল্প তথা গোৱালপৰীয়া টেৰাকোটাৰ এখনি প্রদর্শনী আয়োজন কৰা হয়।

এগচি বন্তি প্রজ্বলনেৰে প্রদর্শনীৰ উদ্বোধন কৰে বিশিষ্ট সামজকর্মী দেবেন শইকীয়াই। শিশুবন্ধু দুলাল বৰা, বিশিষ্ট নাট্যকাৰ গুনদা গোস্বামী, বিশিষ্ট নাট প্রশিক্ষক জ্যোতিপ্রসাদ ভূঞা, বসন্ত বৰা, টেৰাকোটা প্রশিক্ষক শুভাষিশ চক্রৱর্তী আৰু মুনমুন বসুমতাৰীয়ে উপস্থিত থাকে। অনুষ্ঠানত ছাত্র-ছাত্রীসকলৰ মাজত অংশ-গ্রহণ মানপত্র প্রদান কৰা হয়।

আর্ট ভিলেজৰ সচিব তথা বিশিষ্ট চিত্রশিল্পী সুজিত দাসৰ পৰিচালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকে প্ৰখ্যাত সংগীত শিল্পী কৃষ্ণমনি নাথ । অনুষ্ঠানটিত ক্ষুদ্ৰ নাট "বালি বধ", "অৰন্যৰ ক্ৰন্দন" পৰিবেশন কৰে শিশুসকলে। বিহু সম্রাট কৃষ্ণমনি নাথে অনুষ্ঠানৰ আয়োজক "আৰ্ট ভিলেজ"ৰ এই পদক্ষেপৰ সলাগ লয় আৰু লগতে কয় যে গ্ৰীষ্মকালীন বন্ধৰ দিন বোৰ শিশুসকলক এনেধৰণৰ সৃজনশীল কামত ব্ৰতী হবলৈ দিয়া ত শিশুসকল বহুত উপকৃত হয়। এনে ধৰণৰ মঞ্চৰ পৰা শিশুসকলৰ মনোবল বৃদ্ধি পায়। আর্ট ভিলেজ এতিয়া অসমৰ আপুৰুগীয়া সম্পদ হ'ল।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

nagaon assam