/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/nb.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰানাস্ত্ৰ সহ প্ৰৱেশ কৰিবলৈ বিচাৰোতে গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন আমছু নেতা কমৰুজ জামান সৰকাৰ ৷ ককালত কাপোৰৰ তলত লুকুৱাই অনা পিস্তল সহ বলপূৰ্বক কমৰুজ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব বিছাৰিছিল ৷ কাৰ্যালৰ প্ৰৱেশ পথত নিৰাপত্তাৰক্ষীয়ে বাধা দিছিল যদিও বাধা মানিব বিচৰা নাছিল ৷ তেতিয়া তালাচী চলাওতে কমৰুজৰ ককালত পিস্তল উদ্ধাৰ হয় ৷ লগে লগে নিৰাপত্তাৰক্ষীয়ে আটক কৰে কমৰুজ জামান সৰকাৰক ৷
ঘটনাৰ বিষয়ে আৰক্ষী অধীক্ষক লীনা দলেয়ে জানিব পাৰি কমৰুজ জামান সৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে লগতে এক গোচৰ ৰুজু কৰি মাৰথান জেৰা আৰম্ভ কৰে ৷ কমৰুজ জামানে কিয় আৰক্ষী অধীক্ষক কাৰ্যালয়ত অবৈধ মাৰানাস্ত্ৰ লৈ প্ৰৱেশ কৰিব বিছাৰিছিল সেই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷
আৰক্ষী অধীক্ষক লীনা দলেয়ে কমৰুজ জামান সৰকাৰে অবৈধ মাৰানাস্ত্ৰ লৈ প্ৰৱেশ কৰিব বিচৰা বিষয়টো সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৷ লগতে নগাঁও সদৰ থানা আৰু জুৰীয়া থানাত ডকাইতি , ধন দাবী আদিৰ গোচৰ ৰুজু হৈ থকা বুলি জনাইছে ৷
লগতে পূৰ্বতে থানা আক্ৰমনৰ ঘটনাৰেও কমৰুজ জামান সৰকাৰৰ জৰিত বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষকে ৷ কমৰুজৰ জিম্মাৰ পৰা এটা পিস্তল,ছয়জাই গুলি,দুটা মবাইল জব্দ কৰিছে ৷ মঙলবাৰে নিশাই কমৰুজৰ জুৰীয়া বাসভৱণত আৰক্ষীয়ে অভিযান চলাই ৷ অভিযানত আৰক্ষীয়ে বন্যপ্ৰানীৰ অংগ , চোকা অস্ত্ৰ আদি উদ্ধাৰ কৰিছে ৷
আৰু পঢ়ক: যকৃতৰ সংৰোপণ মঙলবাৰে সফলতাৰে সম্পন্ন, বুধবাৰে কথা কৈছে ৰাজু বৰুৱাই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us