/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/dg.png)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে সুদ বেপাৰী ইৰানক ৷ পূৰ্বৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ইৰান ওৰফে ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰিছিল ৷
সুদ ব্যৱসায়ৰ জৰিয়তে নগাঁৱত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰা ইৰান কিছু দিন পূৰ্বে কাৰাগাৰৰ পৰা জামিনত ওলাইছিল ৷ অভিযোগ মতে কাৰাগাৰৰ পৰা ওলাই পুনৰ আৰম্ভ কৰিছিল সুদৰ ব্যৱসায় ৷ নগাঁও সদৰ থানাত ৰুজু হৈ থকা ৩২৫৫/২০২১ নম্বৰৰ গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হৈছে ব্যৱসায় জনক ৷
ভাৰতীয় দণ্ডবিধিৰ ৩৮৪, ৩৮৭, ৪৬৮, ৫০৬ ধাৰাৰ অধীনত ইৰানক গ্ৰেপ্তাৰ কৰি জেৰা কৰি থকা হৈছে ৷ আৰক্ষী সুত্ৰ মতে হয়বৰগাঁও টাউন আৰক্ষী আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া তৰঙ্গ পাটোৱাৰীয়ে লাওখোৱা পথৰ পৰা ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰে ৷ এখন স্কুটিত গৈ থকা অৱস্থাত সোমবাৰৰ নিশা গ্ৰেপ্তাৰ কৰি ব্যৱসায়ী জনক নগাঁও সদৰ থানালৈ অনা হয় ৷