নগাঁৱত সোণ চুৰিৰ ঘটনাৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ...

নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে সোণ চুৰি ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাসহ তিনিজনক গ্ৰেপ্তাৰ কৰে

author-image
Asomiya Pratidin
New Update
নগাঁৱত সোণ চুৰিৰ ঘটনাৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ...

nagaon arrest

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে সোণ চুৰি ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাসহ তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা ধৃত চোৰ কেইটাৰ নাম কাতিমাৰী গ্ৰান্তৰ গুলজাৰ হুছেইন (২০), কাতিমাৰী পথাৰৰ উমে কুলচুম (৩০) আৰু চকিটোপৰ ৰাজু দাস (৪৮) ৷

Advertisment

আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ সময়ত দলটোৰ হাতৰ পৰা সোণৰ টুকুৰা, এডাল সোণৰ নেকলেচ, তিনিজোৰ সোণৰ ফুলি, এটা সোণৰ আঙুঠি উদ্ধাৰ কৰে ৷ কাতিমাৰী পথাৰৰ উমে কুলচুমে সোণৰ আ-অলংকাৰ ক্ৰয় কৰি নিজৰ ঘৰত থকা কাৰখানাত গলাই বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল ৷ আৰক্ষীয়ে কাৰখানাৰ আচবাব সমূহো জব্দ কৰে ৷

nagaon police assam nagaon arrest