/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/nagaon.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুজন পৰিমানৰ হেৰ'ইন ৷ ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই চাৰিটা চাবোনৰ বাকচ ভৰ্তি হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্ব ৰূপহীহাটৰ পুথিখাইটিৰ গুনাবাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে হেৰ'ইনখিনি ৷ আৰক্ষীয়ে লগতে ইক্ৰামূল হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তেলিয়াচাপৰিৰ ইক্ৰামূলে মটৰ চাইকেলত হেৰ'ইন খিনি লৈ সৰবৰাহ কৰি থকা অৱস্থাত গোপনসূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই হাতেলোতে যুবকজনক গ্ৰেপ্তাৰ কৰে ৷ লগতে এ এছ ০২ এ এফ ১৪১৩ নম্বৰৰ মটৰ চাইকেলখনো জব্দ কৰে ৷