নগাঁও পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয় নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বি-বাৰ্ষিক অধিবেশন...

নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনখনি সোমবাৰে নগাঁও পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
নগাঁও পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয় নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বি-বাৰ্ষিক অধিবেশন...

nagaon

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনখনি সোমবাৰে নগাঁও পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনেৰে অধিবেশনৰ শুভাৰম্ভ কৰে সন্মিলনৰ সভাপতি প্ৰেমেশ্বৰ দাসে।

Advertisment

ইয়াৰ পিছতে সন্মিলনৰ প্ৰয়াত বিষয়ববীয়া আৰু সদস্য সকলৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। সন্মিলনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক ডিম্বেশ্বৰ শইকীয়াই।

সভাত পাঠ কৰা সম্পাদকীয় প্ৰতিবেদন আৰু বিত্তীয় প্ৰতিবেদন গৃহীত কৰা হয়। প্ৰতিনিধি সভা উদ্বোধন কৰে জেষ্ঠ নাগৰিক পূৰ্ণকান্ত বৰুৱাই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাই জেষ্ঠ নাগৰিক সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি এই সমস্যা সমূহ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায়।

সভাত চিকিৎসক ডা: দিলীপ ভূঞা, নগাঁও পেঞ্চনাৰ সন্থাৰ সভাপতি আবুল হুছেইন, জেষ্ঠ নাগৰিক মণিৰাম নাথ, ভদ্ৰ কান্ত নাথ, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাতেই ৰঞ্জিত কুমাৰ তামুলী ফুকনক সভপতি, শিৱানন্দ কাকতিক কাৰ্যকৰী সভাপতি, ভৱেশ মেধিক উপ সভাপতি, প্ৰফুল্ল হাজৰিকাক সম্পাদক, দিলীপ কুমাৰ হাজৰিকাক সহকাৰী সম্পাদক, জীৱ প্ৰসাদ বৰকটকীক বিত্তীয় সম্পাদক হিচাপে লৈ নগাঁও জেষ্ঠ নাগৰিক সন্মিলনৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

সমিতিত প্ৰেমেশ্বৰ দাস, প্ৰভাত বৰা, পূৰ্ণ বাৰিক আৰু পূৰ্ণকান্ত বৰুৱাক উপদেষ্টা মনোনীত কৰা হৈছে।

nagaon assam annual session