/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/903959a0-555a-4b75-85b3-8d9825b08071/nagaon.jpg)
nagaon Memorial Day
ডিজিটেল সংবাদ, নগাঁও : ভাষাৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ ৫০ সংখ্যক স্মৃতি দিৱস উপলক্ষে শুকুৰবাৰে নগাঁৱত বিভিন্ন কাৰ্যসূচীৰ উদযাপন কৰা হয়। ১৯৭২ চনত অসমত হোৱা ভাষাৰ মাধ্যম আন্দোলনৰ শক্তিশালী নেতৃত্ব দিয়া সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পলাশনী গাঁৱৰ প্ৰতিভাবান ছাত্র নেতা অনিল বৰাক হোজাইত মাধ্যম আন্দোলনৰ পৰিস্থিতি অধ্যয়নৰ বাবে যোৱাৰ সময়ত দুষ্কৃতিকাৰীয়ে নৃশংসভাৱে হত্যা কৰিছিল আজিৰ দিনটোত।
এইগৰাকী শ্বহীদৰ ৫০ সংখ্যক স্মৃতি দিৱস তেওঁৰ জন্মস্থান পলাশনী গাঁৱত পলাশনী সাংস্কৃতিক আৰু ক্ৰীড়া সংস্থাই শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে। সেই অনুসৰি পুৱা পতাকা উত্তোলনৰে শ্বহীদ দিৱসৰ শুভাৰম্ভ কৰে সংস্থাৰ সভাপতি সদানন্দ বৰাই।
শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শ্বহীদ অনিল বৰাৰ ভাতৃ অপূৰ্ব বৰাই। দুপৰীয়া নাম প্ৰসংগ অনুষ্ঠিত হয় আৰু বিয়লি অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত স্থানীয় আৰু পলাশনী গাঁৱৰ দাতিকাষৰীয়া অঞ্চলৰ বহু কেইজন বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আঁতধৰে সংস্থাৰ সম্পাদক বুলবুল বৰাই।
অনুষ্ঠানত কেইবাগৰাকী বক্তাই অনিল বৰাৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে উল্লেখ কৰে।সন্ধিয়া স্থানীয় শিল্পী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় " সীতা হৰণ " ভাওনা। শনিবাৰে নিশা শ্বহীদ অনিল বৰাৰ স্মৃতি দিৱসৰ সামৰণি পৰিব ৷ ইফালে প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ নেতৃত্বত নগাঁৱত অগপই শ্বহীদ অনিল বৰাৰ স্মৃতি দিৱস উদযাপন কৰে।
নগাঁও চহৰত থকা শ্বহীদ অনিল বৰাৰ অবক্ষ মূৰ্তিত মাল্যাৰ্পন কৰাৰ পিছত এক চমু স্মৃতিচাৰণ অনষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই শ্বহীদ অনিল বৰাৰ লগতে মাধ্যম আন্দোলনৰ বিষয়ে উল্লেখ কৰে। অসমীয়া ভাষাৰ হকে অনিল বৰাকে ধৰি বহুকেইজন অসমীয়া শ্বহীদ হোৱাৰ পিছতো অসমীয়া ভাষাৰ প্ৰতি প্ৰত্যাহ্বান আজিও অব্যাহত আছে।
অসমীয়া ভাষা সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ ভাবে আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰি বৰুৱাই কয় -শ্বহীদৰ ত্যাগক অথলে যাবলৈ দিব নোৱাৰি।
ইপিনে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিৰ কাষত থকা শ্বহীদ অনিল বৰাৰ সমাধিস্থলীত অনিল বৰাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। এই উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us