নগাঁও জিলাত কৃষি আন্তঃগাঁথনি পুঁজিৰ এদিনীয়া কৰ্মশালা…

নগাঁও জিলাত কৃষি আন্তঃগাঁথনি পুঁজিৰ এদিনীয়া কৰ্মশালা…

author-image
asomiyapratidin
New Update
নগাঁও জিলাত কৃষি আন্তঃগাঁথনি পুঁজিৰ এদিনীয়া কৰ্মশালা…

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাত অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিৰ উদ্যোগত শুকুৰবাৰে নগাঁও জিলা কৃষি কাৰ্যালয়ৰ সহযোগত এদিনীয়া সংবেদনশীলতা, বিত্ত কৰ্মশালা এখনি অনুষ্ঠিত হয় ৷ নগাঁৱৰ জিলা কৃষি কাৰ্যালয়ৰ প্ৰশিক্ষণ প্ৰেক্ষাগৃহত এই কৰ্মশালাৰ আয়োজন কৰা হয়।

কৰ্মশালাখনি উদ্বোধন কৰে অতিৰিক্ত উপাযুক্ত বিজিতা ডেকাই। কৰ্মশালাত উপস্থিত থাকে নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকা, কাৰ্যবাহী অভিযন্তা আৰ. আৰ. পেৰনাৰ লগতে খুৰ্শ্বিদ আলম আনছাৰী, নীতিন সিং, মহকুমা কৃষি বিষয়া (উদ্যান শস্য) ৰঞ্জন ডেকা, মহকুমা কৃষি বিষয়া (তথ্য) অমিয় কুমাৰ সিনহা ৷

লগতে কেইবাটাও বিত্তীয় প্ৰতিস্থানৰ প্ৰতিনিধিৰ লগতে কৃষক আৰু উদ্যোগীসকলে কৰ্মশালাত অংশগ্ৰহণ কৰে। এই কৰ্মশালাৰ উদ্দেশ্য আছিল ডিএলচিচি অংশগ্ৰহণকাৰী বেংকিং অংশীদাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰা আৰু চৰকাৰে ৰূপায়ণ কৰা কৃষি আন্তঃগাঁথনি পুঁজিৰ অভিসৰণত সহায় কৰা।

কৰ্মশালাৰ সময়ত অংশগ্ৰহণকাৰী হিতাধিকাৰীসকলক জিলাখনৰ ভিতৰত কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ মূল বৈশিষ্ট্য আৰু ইয়াৰ ৰূপায়ণৰ লগত জড়িত উত্তম পদ্ধতিসমূহৰ বিষয়ে অৱগত কৰা হয়।

nagaon assam