অৱশেষত গ্ৰেপ্তাৰ হ’ল এ ডি পি কলেজৰ অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতী

অৱশেষত গ্ৰেপ্তাৰ হ’ল এ ডি পি কলেজৰ অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতী

author-image
asomiyapratidin
New Update
অৱশেষত গ্ৰেপ্তাৰ হ’ল এ ডি পি কলেজৰ অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতী

ডিজিটেল সংবাদ, নগাঁও: অৱশেষত গ্ৰেপ্তাৰ হ'ল এ ডি পি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী । নগাঁৱৰ এ ডি পি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে উঠিছিল যৌন নিৰ্যাতনৰ অভিযোগ।

Advertisment

অভিযোগ অনুসৰি কলেজখনৰ দুগৰাকীকৈ সহকাৰী অধ্যাপিকাক যৌন নিৰ্যাতন চলাব বিচাৰিছিল এই অধ্যক্ষ গৰাকীয়ে। দুই গৰাকী সহকাৰী অধ্যাপিকাই নগাঁও সদৰ থানাত দাখিল কৰিছিল এজাহাৰ।

তাৰপাছতেই বুধবাৰে নিলম্বিত হৈছিল অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী। নিলম্বনৰ কিছু সময় পাছতেই বিয়লি গুৱাহাটীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নিলম্বিত অধ্যক্ষ ড° ভাগৱতীক নগাঁৱলৈ অনা হ'ব।

গুৱাহাটীৰ আমবাৰীত আত্মগোপন কৰি আছিল গ্ৰেপ্তাৰ হোৱা ভাগৱতীয়ে। আমবাৰীৰ এটা ফ্লেটত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষী বিষয়া মনোজ ৰাজবংশীয়ে গ্ৰেপ্তাৰ কৰে।

আৰু পঢ়ক:

assam Assam police nagaon arrested