/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/af17e4f4-ecb3-4c81-a2fc-ccdafd7e70f1/tgff.jpg)
ডিজিটেল সংবাদ,নগাঁও: দূৰ্গা পুজা উপলক্ষে সাজু নগাঁও জিলা প্ৰশাসন ৷ সু শৃংখলিত ভাৱে নগাঁৱত এই বেলি পুজা উদযাপন হয় তাৰ বাবে প্ৰশাসন সাজু সেই কথা সদৰি কৰিছে নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু আৰক্ষী অধীক্ষক লীনা দলেয়ে ৷ দুয়োগৰাকী শীৰ্ষ বিষয়াই শুকুৰবাৰে এক সংবাদ মেল যোগ দূৰ্গা পুজাৰ বাবে সাজু হোৱাৰ কথা সদৰি কৰে ৷
পূজাৰ বতৰত যাতায়তৰ ক্ষেত্ৰত প্ৰশাসনে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ এক অক্টোবৰৰ পৰা পাঁচ অক্টোবৰলৈকে ডিমৰুগুৰি , বৰঘাট আৰু খুটিকটীয়াৰ পৰা দিনৰ দুই বজাৰ পৰা কোনো গধূৰ যান বাহন নগাঁও চহৰত প্ৰবেশ কৰিব নোৱাৰিব ৷ দিনৰ দুই বজাৰ পৰা নিশা বাৰ বজালৈকে সকলোধৰনৰ গধূৰ যান বাহন চহৰখনত প্ৰৱেশ কৰিব নোৱাৰিব ৷
পুজা মণ্ডপৰ এশ মিটাৰৰ ভিতৰত কোনো যান বাহন ৰাখিব নোৱাৰিব ৷ স্থানে স্থানে পথ সমূহত ওৱান ৱে কৰা হৈছে ৷ কিছু স্হানত যান বাহন চলাচল কৰা বাৰন কৰা হৈছে ৷ প্ৰশাসনে ডচন স্কুলৰ খেলপথাৰত যান বাহন পাৰ্কিঙ কৰাৰ ব্যৱস্থা কৰিছে ৷
এইবেলি নগাঁও জিলাত ১৮০ খন পুজা সমিতিয়ে পুজা অনুষ্ঠিত কৰিবলৈ আবেদন কৰিছে ৷ অন লাইন যোগে সমিতিসমূহে আবেদন কৰিছে ৷ মণ্ডপত চি চি কেমেৰা , স্বেচ্ছাসেৱক নিয়োগ , অগ্নি প্ৰতিৰোধৰ ব্যৱস্থা , প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা আদি বাধ্যতামূলক কৰা হৈছে ৷ দশমীত দেৱী বিসৰ্জন নেহৰুবালি ঘাটত সম্পন্ন কৰিব পাৰিব ৷ বিসৰ্জনস্থলীত প্ৰতিখন প্ৰতিমাৰ বিপৰিতে বিশজন লোকক উপস্থিত থাকিবলৈ প্ৰশাসনে অনুমতি প্ৰদান কৰিব ৷
এই বেলি নগাঁও চহৰত অনুষ্ঠিত হব লগা দূৰ্গা পুজাত উপস্হিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ পুজাৰ এটি দিনত মুখ্যমন্ত্ৰী ড° শৰ্মাই নগাঁৱত উপস্থিত হ'বলৈ মন মেলিছে ৷ জানিব পৰা মতে অষ্টমী দিনা মুখ্যমন্ত্ৰী নগাঁৱত উপস্থিত থাকিব ৷ চহৰখনৰ আঠ খন পুজা স্থলীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ৷ আমোলাপট্টি , ফৌজদাৰীপট্টি পুজা স্থলীত উপস্থিত হৈ অষ্টমী পুজা আগবঢ়োৱাৰ সম্ভৱনা আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
ইফালে পূৰ্বৰ দৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নিজাকৈ আয়োজন কৰিছে এভাগ দূৰ্গা পুজা ৷ এই পুজা নতুন বজাৰত অনুষ্ঠিত হ'ব ৷ নতুন বজাৰ ব্যৱসায়ী স্থানক লগত লৈ স্থায়ী মণ্ডপত পুজাখনি অনুষ্ঠিত হ'ব ৷