উৰিয়াগাঁৱত আছুৰ প্ৰতিবাদ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰতিকৃতি দাহ...

উৰিয়াগাঁৱত আছুৰ প্ৰতিবাদ
উৰিয়াগাঁৱত আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, নগাঁও : জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ পিছত এইবাৰ আছুৰ প্ৰতিবাদ ৷ উৰিয়াগাঁৱত এইবাৰ প্ৰতিবাদত নামিল উৰিয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থা ৷

ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে থলুৱাক উচ্ছেদ কৰি বহিৰাগত বনিয়াক ভূমি লীজত দিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে আন্দোলনৰ পথ ল’লে আছুৱে ৷ সংগঠনটোৰ উৰিয়াগাঁও আঞ্চলিকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী মুৰ্দাবাদ আদি ধ্বনি প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰতিকৃতি জ্বলাইও প্ৰতিবাদ সাব্যস্ত কৰিৰ বিচাৰিছিল যদিও আৰক্ষীয়ে কাঢ়ি নিয়ে ৷ প্ৰতিকৃতিক লৈ আৰক্ষী আৰু আছুৰ কৰ্মীৰ মাজত টনাআজোৰা লাগে ৷

ইফালে আছুৰ কৰ্মকৰ্তাসকলে জনোৱা মতে বনিয়াগোষ্ঠীক ভূমি হস্তান্তৰ কৰা কাৰ্য বন্ধ কৰিবলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷ থলুৱা লোকক উচ্ছেদ কৰি কোনো বনিয়াক ভূমি দখল কৰিবলৈ নিদিয়ে বুলি আছুৰ নেতৃত্বই সদৰি কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in