আনুষ্ঠানিকভাৱে বিদায় ল’লে নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক অমৰ জ্যোতি ফুকনে

আনুষ্ঠানিকভাৱে বিদায় ল’লে নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক অমৰ জ্যোতি ফুকনে

author-image
asomiyapratidin
New Update
আনুষ্ঠানিকভাৱে বিদায় ল’লে নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক অমৰ জ্যোতি ফুকনে

ডিজিটেলসংবাদ ,নগাঁও : সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক অমৰ জ্যোতি ফুকনক বুধবাৰে আনুষ্ঠানিক ভাৱে বিদায় জনোৱা হয় ৷

নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত এক সভাত ফুকনক গামোচা , জাপি , মান পত্ৰ আদিৰে বিদায় জনায় নগাঁও জিলা আছুয়ে ৷ সদৌ নগাঁও ছাত্ৰ সন্থা জিন্দাবাদ ,আছু অমৰ হওঁক ধ্বনি দি ছাত্ৰ নেতা জনে সেৱা জনাই লোৱা বিদায় লোৱা পৰিবেশে সভাস্থলী আবেগিক কৰি পেলায় ৷

উল্লেখ্য এই যে সাধাৰনতে আছুৰ নেতৃত্বই পদ খামুচি ধৰি ৰখাৰ বিপৰিতে ছাত্ৰ নেতা অমৰ জ্যোতি ফুকনে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ অধিবেশনৰ পূৰ্বে সাধাৰন সম্পাদকৰ পদৰ পৰা অব্যাহতি লোৱা কাৰ্য ব্যতিক্ৰম ৷

বৰ্তমান নগাঁও আছুৰ সাধাৰন সম্পাদকৰ দায়িত্ব ন্যস্ত কৰা হৈছে কংকন জ্যোতি বৰাক ৷ বিদায় সম্বৰ্ধনা সভাত কেন্দ্ৰীয় সমিতিৰ ৰন্টু শৰ্মা , মৃদুল হাজৰিকা , জিলা সভাপতি গৌৰি শংকৰ দাস আদি উপস্থিত থাকে ৷

nagaon assam aasu