নাগালেণ্ডৰ উদ্ভাৱক ‘ইমনাৰেং ইম’চং’ক ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’ প্ৰদান

নাগালেণ্ডৰ উদ্ভাৱক ‘ইমনাৰেং ইম’চং’ক ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’ প্ৰদান

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ উদ্ভাৱক ‘ইমনাৰেং ইম’চং’ক ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’ প্ৰদান

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত 'উদ্ভাৱন উৎসৱ'ৰ অন্যতম কাৰ্যসূচী 'দীননাথ পাণ্ডে স্মাৰ্ট ইন'ভেছন বঁটা-২০১৯' দেওবাৰে বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগালেণ্ডৰ চুহৈ গাঁৱৰ নিবাসী উদ্ভাৱক 'ইমনাৰেং ইম'চং'ক প্ৰদান কৰা হয়৷ নিজৰ একক উদ্ভাৱনী সঁজুলিৰ দ্বাৰা ৰাজ্যখনৰ বিকাশ সাধন কৰি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা উদ্ভাৱকসকলক এই বঁটা আগবঢ়োৱা হয়৷

Advertisment

নাগালেণ্ডৰ ইমনাৰেং ইম'চংক 'পিগ ফাৰ্মিং টেক্নলজী'ৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য উদ্ভাৱনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে, শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'উদ্ভাৱন উৎসৱ'ত পশ্চিম বংগ আৰু ছিক্কিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুঠ ৪০টা উদ্ভাৱনী প্ৰকল্পই অংশ লৈছিল। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত উৎসৱত বিভিন্ন আকৰ্ষণীয় সঁজুলিও প্ৰদৰ্শিত হৈছিল।

স্মতব্য যে, প্রয়াত দীননাথ পাণ্ডে আছিল ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞান কৰ্মী আৰু উদ্ভাৱক, তেওঁ উদ্ভাৱন কৰা বিভিন্ন কাৰিকৰী যন্ত্ৰই ভাৰতক ক্ৰমবিকশিত হোৱাত সহায় কৰি আহিছে৷ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু বিজ্ঞান মহলে প্ৰতিবছৰে এইগৰাকী বিশিষ্ট ব্যক্তিক স্মৰণ কৰে আৰু সমাজ পৰিৱৰ্তনৰ হকে উন্নত উদ্ভাৱন কৰা নতুন নতুন উদ্ভাৱকক 'দীননাথ পাণ্ডে স্মাৰ্ট ইন'ভেছন বঁটা' প্ৰদান কৰে।

গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত দেওবাৰে ২০১৯ বৰ্ষৰ বাবে এই বঁটা উদ্ভাৱক ইমনাৰেং ইম'চংক প্ৰদান কৰে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক সমন্বয়ক বাসুদেৱ মণ্ডল আৰু অন্যান্য বিশিষ্ট বিজ্ঞানীসকলে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিজৰ বক্তব্য প্ৰদান কৰে৷