নিষিদ্ধ ঘোষিত সংগঠন NSCNৰ হুমকিত ত্ৰস্তমান মেৰাপানীৰ ব্যৱসায়ী

মেৰাপানীক বৃহত্তম নাগালিমত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ নগা বিদ্ৰোহী সংগঠনৰ !

author-image
Asomiya Pratidin
New Update
নিষিদ্ধ ঘোষিত সংগঠন NSCNৰ হুমকিত ত্ৰস্তমান মেৰাপানীৰ ব্যৱসায়ী

ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানী টাউনলৈকে বৃহত্তৰ নাগালিমত অন্তৰ্ভূক্তি কৰি মেৰাপানীৰ ব্যৱসায়ীলৈ NSCN ৰ চমন। NSCN ৰ এনে পত্ৰ প্ৰেৰণৰ পাছতেই উত্তপ্ত হৈ পৰিছে মেৰাপানী সীমান্ত।

Advertisment

নগা বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। অসমৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছে এন এছ চি এনে।

উল্লেখ্য যে, গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীক নগা বিদ্ৰোহী সংগঠন এন এচ চি এনে অতি গোপনে বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তি কৰাৰ ভয়ংকৰ তথ‍্য পোহৰলৈ আহিছে। এন এছ চি এনে মেৰাপানী টাউনলৈকে গ্ৰেটাৰ নাগালিমৰ ল'থা অধ্যুষিত অঞ্চলৰ অন্তৰ্ভুক্ত কৰাৰ ভয়ংকৰ পৰিকল্পনা হাতত লৈছে।

শেহতীয়াকৈ মেৰাপানী টাউনৰ দুগৰাকী ব্যৱসায়ী ক্ৰমে কমলাৰাণী ঢাকা আৰু পৱন কুমাৰ খালীয়াৰ মাজত সূত্ৰপাত ঘটিছিল ব্যৱসায়িক সংঘাতৰ। অভিযোগ অনুসৰি কমলাৰাণী ঢাকাই পৱন কুমাৰৰ পৰা ব‍্যৱসায়ীৰ লেনদেনৰ কিছু টকা পাব লগা আছে বুলি দাবী কৰিছে।

উক্ত টকাখিনি সময়ত পৱন কুমাৰে পৰিশোধ কৰিব নোৱাৰাৰ বাবে কমলাৰাণীয়ে উক্ত ঘটনাৰ সামাধান বিচাৰি প্ৰতিবেশী ৰাজ‍্য নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এনৰ বিচাৰপীঠত যোৱা ৩০ মে'ত এক অভিযোগ পত্ৰ দাখিল কৰিছিল।

উক্ত অভিযোগ পত্ৰৰ ভিত্তিত সংগঠনটোৰ নিজা আদালতত বিচাৰ কৰাৰ উদ্দেশ‍্যে ওখা জিলাৰ বিদ্ৰোহী গোটটোৰ সচিবৰ স্বাক্ষৰিত এক নিৰ্দেশনা পত্ৰ হোৱাটচ এপযোগে মেৰাপানীৰ ব‍্যৱসায়ী পৱন কুমাৰ খালীয়ালৈ প্ৰেৰণ কৰি ৱখা জিলাৰ বিদ্ৰোহী সংগঠনটোৰ মুখ‍্য কায‍্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰে।

এনেদৰে তিনিখনকৈ পত্ৰ প্ৰেৰণৰ পিচত পৱন কুমাৰে প্ৰাণৰ শংকাত বিদ্ৰোহী সংগঠনটোৰ আদালতত হাজিৰ হোৱাৰ বিপৰীতে বিষয়টো মেৰাপানী বজাৰ সমিতিক অৱগত কৰে। ইফালে ব‍্যৱসায়ী পৱন কুমাৰ এন এছ চি এনৰ বিচাৰপীঠত হাজিৰ নোহোৱাত ফোনযোগে সংগঠনটোৱে পৱনৰ বিৰুদ্ধে বিহিত ব‍্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে।

লগতে ২৪ জুনত পৱন কুমাৰৰ দুখনকৈ ট্ৰাক নগালেণ্ডৰ ৱখা টাউনলৈ যোৱাৰ পথত সংগঠনটোৱে আৱদ্ধ কৰি ৰাখে। অন‍্যহাতে সংগঠনটোৰ ফালৰ পৰা প্ৰদান কৰা পত্ৰত উল্লেখ কৰা মতে মেৰাপানী টাউন বৃহত্তম নাগালিমৰ অন্তৰ্ৰ্ভুক্ত আৰু কমলাৰাণীয়ে দিয়া আবেদনৰ মৰ্মে সংগঠনটোৱে Government of the people's republic of Nagalim, office of the central Administrative officer lotha Region আদালতত উক্ত বিচাৰ কাৰ্য্য হ'ব বুলিও উল্লেখ কৰে।

  User
User

বিগত এসপ্তাহে বিদ্ৰোহী সংগঠনটোৱে আৱদ্ধ কৰা দুখনকৈ ট্ৰাক মোকোলাই নিদিয়াত আৰু ব‍্যৱসায়ী পৱন কুমাৰক ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে মেৰাপানী বজাৰ সমিতিয়ে স্থানীয় দল সংগঠন তথা ৰাইজৰ উপস্থিতিত এক বিশেষ সভা অনুষ্ঠিত কৰে। সভাত আলোচনা মৰ্মে এন এছ চি এনে জব্দ কৰি ৰখা ট্ৰাক দুখন অতি সোনকালে এন এছ চি এনৰ কবলৰ পৰা মোকোলাই অনাৰ লগতে পৱন কুমাৰৰ বিৰুদ্ধে দিয়া অভিযোগ শীঘ্ৰে প্ৰত‍্যাহাৰ কৰিবলৈ ব‍্যৱসায়ী কমলা ঢাকাক সভাই আহ্বান জনায়।

কিন্তু ৰাইজৰ প্ৰস্তাৱ কমলা ঢাকাই অমান‍্য কৰাত সভাত উপস্থিত থকা বিভিন্ন সংগঠনে ৰাজহুৱাকৈ ঘটনা সন্দৰ্ভত কমলা ঢাকাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰি বিহিত ব‍্যৱস্থাৰ দাবী জনায়। লগতে ছাত্ৰ সংগঠন কেইটাই কমলা ৰাণী ঢাকাৰ মেৰাপানীস্থিত এচ আৰ হাৰ্ডৱেৰ নামৰ প্ৰতিষ্ঠানটোত তলা বন্ধ কৰি শীঘ্ৰেই বাহন দুখন মুকলি কৰি দিয়াৰ দাবী তোলে।

  User
User

আনহাতে স্থানীয় সংগঠন তথা ৰাইজে বিষয়টো জিলা আয়ুক্তক অৱগত কৰি এন এছ চিনৰ কবলত থকা ট্ৰাক দুখন মোকোলাই অনাৰ বাবে ব‍্যৱস্থা গ্ৰহন কৰিবলৈ আবেদন প্ৰদান কৰা কথা জানিবলৈ দিয়ে।

Also Read: যোৰহাট জিলা দিৱস উপলক্ষে গ্রন্থদান উৎসৱ

merapani