নদুৱাৰত ৰাষ্ট্ৰীয় পোষণ মাহ আৰু স্বচ্ছতাই সেৱা উপলক্ষে বিশেষ সজাগতা অভিযান

অনুষ্ঠানটিত অংগনৱাদী কৰ্মী আৰু গোটৰ মহিলা সকলৰ মাজত পোষণ আহাৰ সন্দৰ্ভত ৰংগোলী প্ৰতিযোগিতা আৰু শিশু সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়..

author-image
Asomiya Pratidin
New Update
নদুৱাৰত ৰাষ্ট্ৰীয় পোষণ মাহ আৰু স্বচ্ছতাই সেৱা উপলক্ষে বিশেষ সজাগতা অভিযান

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ নদুৱাৰ অঞ্চলৰ ইটাখোলা কেন্দ্ৰৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত দেওবাৰে এক বিশেষ সজাগতা অভিযান অনুষ্ঠিত হয়। কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তেজপুৰ ক্ষেত্ৰ কাৰ্য্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ আৰু স্বচ্ছতাই সেৱা উপলক্ষে উক্ত সজাগতা অভিযান অনুষ্ঠিত কৰা হয়৷

Advertisment

এই উপলক্ষে আয়োজিত কাৰ্য্যসূচীৰ আঁত ধৰে যুৱ লেখক, সাহিত্যিক লক্ষ্মীকান্ত বৰাই। অনুষ্ঠানটিত অংগনৱাদী কৰ্মী আৰু গোটৰ মহিলা সকলৰ মাজত পোষণ আহাৰ সন্দৰ্ভত ৰংগোলী প্ৰতিযোগিতা আৰু শিশু সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিশেষ সজাগতা অনুষ্ঠানটিত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰ ভাৰত চৰকাৰৰ তেজপুৰ ক্ষেত্ৰ কাৰ্য্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া সাৰংগপাণি বৰাই। অনুষ্ঠানটিত নৱমিলন সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে এখন বাটৰ নাট প্ৰদৰ্শন কৰে৷

Also Read: বৰপেটা সত্ৰৰ নতুন বুঢ়া সত্রীয়া ড০ বাবুল চন্দ্র দাস...

naduwar Pushan Maah