বৰপেটা সত্ৰৰ নতুন বুঢ়া সত্রীয়া ড০ বাবুল চন্দ্র দাস...

প্ৰায় ২ বছৰ ধৰি বুঢ়াসত্ৰীয়াৰ আসনখন খালী হৈ আছিল, সেই অনুসৰি দেওবাৰে বুঢ়া সত্রীয়া পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচনী প্ৰক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
বৰপেটা সত্ৰৰ নতুন বুঢ়া সত্রীয়া ড০ বাবুল চন্দ্র দাস...

ডিজিটেল সংবাদ,বৰপেটাঃ সত্ৰনগৰী বৰপেটাত সম্পূৰ্ণ হৈছে সত্ৰৰ বুঢ়াসত্ৰীয়া নিৰ্বাচনী প্ৰক্ৰিয়া।বৰপেটাৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাই আৰম্ভ কৰা পৰম্পৰা অনুসৰি, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়া দুজনাৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয়।

Advertisment

যিহেতু প্ৰায় ২ বছৰ ধৰি বুঢ়াসত্ৰীয়াৰ আসনখন খালী হৈ আছিল, সেই অনুসৰি দেওবাৰে বুঢ়া সত্রীয়া পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচনী প্ৰক্ৰিয়া। সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ ২৮ টা পদৰ বাবে অৱতীৰ্ণ হৈছিল ৩৭ গৰাকী প্ৰাৰ্থী। ৮৪১০ গৰাকী ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান।

অৱশেষত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদত নিৰ্বাচিত হয় ড০ বাবুল চন্দ্র দাস। হেমেন আতৈ বুঢ়াভকতক পৰাজিত কৰি প্ৰায় ৩৭০০ ভোটেৰে বুঢ়াসত্রীয়া পদত নিৰ্বাচিত হয় বাবুল চন্দ্র দাস। উল্লেখ্য যে, ড০ বাবুল চন্দ্র দাস বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক।

Also Read: আজিৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি...

barpeta satra burha satriya Babul das