লোক সংস্কৃতিৰ পণ্ডিত ড০ নবীন চন্দ্ৰ শৰ্মাৰ দেহাৱসান...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ অধ্যাপক আছিল শৰ্মা

author-image
Asomiya Pratidin
New Update
লোক সংস্কৃতিৰ পণ্ডিত ড০ নবীন চন্দ্ৰ শৰ্মাৰ দেহাৱসান...

nabin chandra sarma

ডিজিটেল ডেস্ক : বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ড০ নবীন চন্দ্ৰ শৰ্মাৰ দেহাৱসান। অসমীয়া লোক সংস্কৃতি গৱেষণাৰ অন্যতম পুৰোধা গৱেষক আছিল ড০ শৰ্মা। ১৯৩৮ চনত দৰঙ জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱত জন্ম হৈছিল বিশিষ্ট গৱেষক গৰাকীৰ।

Advertisment

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ অধ্যাপক আছিল তেওঁ। অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা, অসমীয়া লোক সংস্কৃতিৰ আভাস আদি বহুকেইখন গৱেষণামূলক গ্ৰন্থৰ লিখক আছিল ড০ শৰ্মা।

অসম সাহিত্য সভাই তেওঁক সাহিত্য মহীয়ান সন্মানেৰে সন্মানিত কৰিছিল। মালিগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট গৱেষকগৰাকীয়ে।

assam nabin chandra sarma death