শিঙিয়া পোতনীত নৱৰং গোষ্ঠীৰ ৰঙালী বিহু উৎসৱৰ আয়োজন...

নগাঁও জিলাৰ শিঙিয়া পোতনী অঞ্চলৰ নৱৰং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অহা ২৪,২৫ আৰু ২৬ এপ্ৰিলত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক ৰঙালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
naba

ডিজিটেল সংবাদ, উৰিয়াগাওঁঃ নগাঁও জিলাৰ শিঙিয়া পোতনী অঞ্চলৰ নৱৰং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অহা ২৪,২৫ আৰু ২৬ এপ্ৰিলত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক ৰঙালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে।

Advertisment

গোষ্ঠীৰ ৪০তম বর্ষপুতি অনুষ্ঠানৰ লগত সংগতি ৰাখি পোতনি ম'হৰচুকস্থিত গোষ্ঠীৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হবলগীয়া বহাগী উৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা গোষ্ঠীৰ পতাকা উত্তোলন,বিহুৰ পতাকা উত্তোলন,সাংস্কৃতিক শোভাযাত্ৰা পিছতেই গছপুলি ৰোপণ কৰা হব।

নিশা প্ৰয়াত জানু বৰা সোঁৱৰণী নাট সন্ধ্যাত নাট্যকাৰ চম্পক শৰ্মাৰ ৰচনা আৰু নাট্যকৰ্মী দিলীপ কুমাৰ বৰা,ৰেখামনি শইকীয়া বৰাৰ পৰিচালনাৰে সামাজিক নাটক "মন তই নাকান্দিবি" মঞ্চস্থ কৰা হব।২৫ এপ্ৰিলত পুৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে।

নিশা প্ৰয়াত চেনীৰাম বৰা সোঁৱৰণী নাট সন্ধাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু অভিনেতা সূৰ্য বৰাৰ পৰিচালনাৰে "মা কচম" নাটকখনি মঞ্চস্থ কৰা হব। অন্তিম দিনা দুপৰীয়া প্ৰতিভা বিকাশ প্ৰতিযোগিতা,বিয়লি চেমনীয়া একক নৃত্য প্ৰতিযোগিতাৰ পিছতেই বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব।

নিশা আমন্ত্ৰিত বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শনৰ লগতে "নৱৰংৰ  এনিশা শীৰ্ষক" সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব কণ্ঠশিল্পী দীপাংকৰ দাস আৰু চন্দনা ডেকাই।উক্ত বহাগী উৎসৱৰ কাৰ্যসূচীত সহায়-সহযোগিতা আৰু উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।

নগাওঁ