নাবাৰ্ডৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী অজন্তা নেওগ…

নাবাৰ্ডৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী অজন্তা নেওগ…

author-image
asomiyapratidin
New Update
নাবাৰ্ডৰ  ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী অজন্তা নেওগ…

ডিজিটেল ডেস্ক: ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত নাবাৰ্ডৰ সহযোগিতা অতি প্ৰয়োজনীয়।নাবাৰ্ডৰ সহযোগিতাৰ বাবে ৰাজ্য চৰকাৰে বহু কেইখন আঁচনিৰ সফল ৰূপায়ন কৰিছে। এই সহযোগিতাৰ বাবে নাবাৰ্ডক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।

Advertisment

মঙলবাৰে নাবাৰ্ডৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী নেওগে লগতে আগন্তুক দিনটো ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত নাবাৰ্ডৰ সহযোগিতা কামনা কৰে।

ইফালে ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাবাৰ্ডে আয়োজন কৰা আত্মসহায়ক গোট আৰু বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ উৎপাদিত বয়-বস্তু দেখিও আনন্দ প্ৰকাশ কৰে বিত্তমন্ত্ৰী নেওগে।

উক্ত অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উত্তৰ-পূবৰ মাণ্ডলিক সঞ্চালক শ্ৰী সঞ্জীৱ সিংহা ডাঙৰীয়া, নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰৱন্ধক শ্ৰী নৱীন ধিংৰা ডাঙৰীয়া আৰু ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী শাখাৰ মুখ্য মহাপ্ৰৱন্ধক শ্ৰী অৰবিন্দ কুমাৰ সিং ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

আৰু পঢ়ক: ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি…

NABARD assam ajanta neog