সংকটত প্ৰমোদ বড়ো, হাগ্ৰামাৰ পক্ষত আছে ২৬/২৮ পাৰিষদ

সংকটত প্ৰমোদ বড়ো, হাগ্ৰামাৰ পক্ষত আছে ২৬/২৮ পাৰিষদ

author-image
asomiyapratidin
New Update
সংকটত প্ৰমোদ বড়ো, হাগ্ৰামাৰ পক্ষত আছে ২৬/২৮ পাৰিষদ

ডিজিটেল সংবাদ, বাক্সা: সংকটত বিটিচি মুৰব্বী প্ৰমোদ বড়ো। বিটিচিৰ কামান আহিব পাৰে প্ৰাক্তন বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীৰ হাতলৈ।

Advertisment

হাগ্ৰামাৰ পক্ষত আছে ২৬/২৮ গৰাকী পাৰিষদ। বি টি চি চৰকাৰৰ অনাস্থা প্ৰস্থাৱ আহিলেই জয় হ'ব হাগ্ৰামা। এই মন্তব্য ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াৰ।

জি এছ পি হিচাপে নিৰপেক্ষ ভুমিকা পালন কৰিব সাংসদ নৱ কুমাৰ নেতৃত্বাধীন ৰাজনৈতিক দলে। শৰণীয়াই কয় যে হাগ্ৰামা মহিলাৰীয়ে দিল্লী বা দিছপুৰৰ সংকেতলৈ ৰৈ আছে ৷ সংকেত পালেই বি টি চি চীফ হ'ব হাগ্ৰামা মহিলাৰী।

প্ৰমোদ বড়ো দিল্লী – দিছপুৰৰ লগত সম্পৰ্ক ৰাখি নটচিৱল হৈ থাকে ; কিন্তু হাগ্ৰামা মহিলাৰীক মানুহে সহজে লগ পাব পাৰে বুলি কয় সাংসদ নৱ কুমাৰ শৰনীয়াই।

আৰু পঢ়ক: NDFB ৰ প্ৰায় ৩ হাজাৰ সদস্য কিন্তু চৰকাৰে সৃষ্টি কৰিলে ১২,০০০: ধীৰেণ বড়ো

assam bpf uppl btc hagrama mahilari