ঢকুৱাখনা মহাবিদ্যালয়ৰ দুটা গৃহ উন্মোচন বিধায়ক নৱ দলেৰ

ঢকুৱাখনা মহাবিদ্যালয়ৰ দুটা স্থায়ী গৃহৰ মংগলবাৰে শুভ উদ্ধোধন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা মহাবিদ্যালয়ৰ দুটা গৃহ উন্মোচন বিধায়ক নৱ দলেৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনা মহাবিদ্যালয়ৰ দুটা স্থায়ী গৃহৰ মংগলবাৰে  শুভ উদ্ধোধন কৰা হয়  । ঢকুৱাখনা পৌৰ সভাৰ আবন্টিত  ৬ লাখ টকা আৰু  মহাবিদ্যালয় উন্নয়ন পুঁজিৰ ২১ লাখ টকা ব্যয় সাপেক্ষ  মহাবিদ্যালয় এটা বিজ্ঞান ভৱন আৰু  ২০২০-২০২১ বর্ষৰ  "আনটাইড  ফাণ্ড"ৰ ১৫ লাখ টকা আৰু মহাবিদ্যালয় উন্নয়ন পুঁজিৰ ৬ লাখ  ২৫ হাজাৰ  ব্যয়ৰে নিৰ্মিত  মহাবিদ্যালয় কেণ্টিন গৃহৰ শুভ উদ্ধোধন কৰা হয়।

মহকুমাধিপতি অৰিন্দম বৰুৱা , ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰুৱা , মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত ,উপাধ্যক্ষ চিত্ৰ কুমাৰ দাস , জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা আৰু সকলো শিক্ষক কৰ্মচাৰী , শিক্ষাৰ্থী ,পৌৰ সভাৰ আয়ুক্ত সকল উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ উদ্ধোধনী অনুষ্ঠানত  মহাবিদ্যালয় নৱ নিৰ্মিত  বিজ্ঞান ভৱন আৰু কেণ্টিন গৃহৰ ফিটা কাটি শুভ উদ্ধোধন কৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ  বিধায়ক নৱ কুমাৰ দলেয়ে ।

মহাবিদ্যালয়ৰ  শিক্ষক শিক্ষাৰ্থীৰ উষ্ণ অভিবাদন গ্ৰহণ কৰি বিধায়ক দলেয়ে মহাবিদ্যালয় পৰিয়ালৰ ব্যৱহাৰৰ বাবে দুয়োটা গৃহ উৎসৰ্গা কৰি  দলেয়ে মহাবিদ্যালয়ৰ এন এছ এছ গোট ,মহকুমা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগৰ যৌথ উদ্যোগত মহাবিদ্যালয় প্ৰাংগণত  অনুষ্ঠিত এখন পথ সুৰক্ষা সজাগতা সভাত অংশ গ্ৰহণ কৰে ।

জিলা পথ সুৰক্ষা সমিতি,লখিমপুৰৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখন উদ্ধোধন কৰি বিধায়ক দলেয়ে নব প্ৰজন্মক যান বাহন নিয়ম মানি বাহন চলোৱাৰ আহ্বান জনাই নিজৰ লগতে পথচাৰীৰ জীৱন সুৰক্ষিত কৰাৰ আহ্বান জনায় ।

সভাত  জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ "এনফৰ্চমেণ্ট" উপ পৰিদর্শক ৰাজীৱ জ্যোতি ভূঞাৰ নেতৃত্বত অহা এটা দলে মহাবিদ্যালয় প্লেটফৰ্মত এখন পথ সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে ।সভাত লখিমপুৰ জিলাখনক পথ দুর্ঘটনা মুক্ত কৰি সজাগ সচেতনতাৰে  যান বাহন আইন আৰু নীতি নিৰ্দেশনা মানি বাহন  চলাবলৈ আহ্বান জনাই সভাত বক্তব্য ৰাখে পৰিবহন বিষয়া গৰাকীয়ে।

assam dhakuakhana