কুকিসকলক শান্ত কৰিবলৈ অধিক স্বায়ত্ত শাসনৰ পৰিকল্পনা এন বীৰেণ সিঙ চৰকাৰৰ

কুকিসকলক শান্ত কৰিবলৈ অধিক স্বায়ত্ত শাসনৰ পৰিকল্পনা এন বীৰেণ সিঙ চৰকাৰৰ

ডিজিটেল সংবাদ,বেকাজান : ভয়ংকৰ গোষ্ঠী সংঘৰ্ষৰ পিছত এইবাৰ চকু মুকলি হৈছে সৌদিনালৈকে মণিপুৰক দ্বিখণ্ডিত হ'বলৈ নিদিওঁ বুলি দৃঢ় স্থিতি লোৱা এন বীৰেন সিঙ চৰকাৰৰ। প্ৰায় ৩মাহজোৰা গোষ্ঠীগত সংঘৰ্ষৰ জুই নিৰ্বাপিত কৰিবলৈ অৱশেষত বীৰেন সিঙ চৰকাৰে কুকিসকলক অধিক স্বায়ত্ত শাসনৰ ক্ষমতা প্ৰদান কৰিবলৈ তৎপৰ হৈ পৰিছে।

জানিব পৰামতে মণিপুৰৰ শেহতীয়া জনগোষ্ঠীয় সংঘাতৰ ৰাজনৈতিক সমাধানৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। মণিপুৰৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত বৰ্তমানৰ পাহাৰীয়া পৰিষদসমূহক অধিক স্বায়ত্ত শাসন প্ৰদান কৰিবলৈ সাজু হৈছে।

কিন্তু ৰাজ্য চৰকাৰৰ মণিপুৰৰ অখণ্ডতাৰ সৈতে আপোচ নকৰে। উল্লেখযোগ্য যে ৩মে'ৰ গোষ্ঠী সংঘাত আৰম্ভ হোৱাৰ পৰাই কুকি জনগোষ্ঠীটোৱে জনগোষ্ঠীটোক নিঃশেষ কৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি পৃথক প্ৰশাসনৰ দাবী উত্থাপন কৰি আহিছে।

ইতিমধ্যে ১০গৰাকী বিজেপি বিধায়কে চৰকাৰলৈ পৃথক প্ৰশাসনৰ অধিক শক্তিশালী কৰি তোলাত অৱশেষত কুকিসকল বীৰেন সিঙ চৰকাৰে প্ৰস্তাৱ দিছে যে, পাহাৰীয়া পৰিষদসমূহৰ স্বায়ত্ত শাসন বৃদ্ধি কৰি তেওঁলোকক পাহাৰীয়া অঞ্চলৰ প্ৰশাসনত অধিক স্বাধীনতা আৰু নিয়ন্ত্ৰণ কৰিব পাৰি। তেওঁ আশা কৰে কুকিসকলে এই প্ৰস্তাৱ গ্ৰহণ কৰি সংঘাতৰ অন্ত পেলাব বুলি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এইদৰে কয়।

উল্লেখযোগ্য যে মণিপুৰৰ সংঘাতৰ সমাধানৰ বাবে মেইটেই আৰু কুকি উভয় সম্প্ৰদায়ৰ প্ৰতিনিধি গোটৰ সৈতে আলোচনাত মিলিত হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। ইফালে উত্তৰ-পূবৰ বাবে কেন্দ্ৰৰ প্ৰতিনিধি এ কে মিশ্ৰই চৰকাৰৰ সৈতে SoO চুক্তিৰ অধীনত কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে পৃথকে আলোচনাত মিলিত হৈছে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই কয় যে, ৰাজ্যখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কুকিসকলে বীৰেন সিঙ চৰকাৰৰ এই প্ৰস্তাৱ সহজে গ্ৰহণ কৰাৰ সম্ভাৱনা নাই। ইফালে ৰাজ্য চৰকাৰে বিজেপিৰ বিধায়ক তথা পাহাৰীয়া আঞ্চলিক সমিতিৰ অধ্যক্ষ ডিংগাংলুন গাংনেইৰ অধ্যক্ষতাত ৫জন সদস্য আৰু ৩জন নগা আৰু ২জন পাংগল সদস্যৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।

অৱশ্যে সময়তহে স্পষ্ট হ'ব কুকি আৰু জো সম্প্ৰদায়ৰ বাবে পৃথক প্ৰশাসন দাবী কৰা কুকিসকলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙ চৰকাৰৰ অধিক স্বায়ত্ত ক্ষমতা প্ৰদান কৰা এই প্ৰস্তাৱ মানি লয় নে নলয় ।

কুকিসকলক শান্ত কৰিবলৈ অধিক স্বায়ত্ত শাসনৰ পৰিকল্পনা এন বীৰেণ সিঙ চৰকাৰৰ
জামুগুৰিহাটৰ ৰাজহুৱা সভাত নদুৱাৰ নাগৰিক মঞ্চ গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in