/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/952d7811-f976-465f-bc45-1cfb183accfd/victor_das_09.jpg)
victor das victor das
-
ৰাজ্যত পুনৰ নিযুক্তি কেলেংকাৰীৰ বিতৰ্ক।
-
এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তোলা ভিক্টৰ দাসক জেৰা।
-
শুকুৰবাৰে আগবেলা পাণবজাৰ থানালৈ তলব কৰিছিল ভিক্টৰক।
-
পাণবজাৰ থানাত এই সংক্ৰান্তত সোধপোছ কৰাৰ সলনি গোপন স্থানলৈ লৈ যোৱা হৈছে ভিক্টৰ দাসক।
-
গোপন স্থানত ভিক্টৰ দাসক আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই চলাব জেৰা।
-
উল্লেখযোগ্যে যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল দাসে।
-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক উদ্দেশ্যি টুইটাৰত কৰিছিল টুইট।
-
পিছ দুৱাৰেদি নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলিছিল তেওঁ।
-
৩ ৰ পৰা ৮ লাখ টকা চাকৰিৰ নামত সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰিছিল টুইটত।
-
কেইবাজনো প্ৰাক্তন বিধায়ক এই কেলংকাৰীত জড়িত থকাৰ অভিযোগ কৰিছিল তেওঁ।