/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bb48b546-e445-48c3-a1da-fe65501c8f05/baihata.jpg)
ডিজিটেল সংবাদ ,দুমুনিচকী : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত শিমেলিবাৰীত মহিলাৰ ৰহস্যজনক মৃত্যু ৷ চামিনা বেগম (৪৩) নামৰ মহিলাগৰাকী এই মৃত্যুক হত্যাকাণ্ড বুলি সন্দেহ স্থানীয় ৰাইজ তথা পৰিয়ালৰ ৷
জানিব পৰা মতে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত স্বামী ইবাদুল ইছলাম কৰ্মসূত্ৰে গুৱাহাটীত আছিল ৷ তেওঁৰ অনুপস্থিতিত ঘৰত অকলশৰে আছিল সন্তানহীন মহিলাগৰাকী ৷
জানিব পৰা মতে শুকুৰবাৰে পুৱা চামিনা বেগমক মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ আন লোকসকলে ৷ মহিলাগৰাকীৰ শোৱনি কোঠাৰ দুৱাৰ ৰহস্যজনকভাৱে খোলা থকাৰ অৱস্থাৰ লগতে মহিলাগৰাকীৰ ম'বাইল আৰু ফ্ৰিজ ক্ৰয় কৰিবলৈ থোৱা নগদ ধন বৰ্তমানো উদ্ধাৰ হোৱা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালে বাইহাটা চাৰিআলি আৰক্ষীক অৱগত কৰে ৷
Also Read: পহিলা ব’হাগত নলবাৰী জিলা সাহিত্য সভাই বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ জ্ঞাপন কৰিব সাদৰ সম্বৰ্ধনা