তিনি ভাং বেপাৰীক লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

নিচাযুক্ত সামগ্ৰীৰ মুকলি বেহা পাতি অৱশেষত ঢকুৱাখনাৰ ৩গৰাকী ভাং ব্যৱসায়ীক ন্যায়িক জিম্মালৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
তিনি ভাং বেপাৰীক লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ডিজিটেল সংবাদ,ঢকুৱাখনা : নিচাযুক্ত সামগ্ৰীৰ মুকলি বেহা পাতি অৱশেষত ঢকুৱাখনাৰ ৩গৰাকী ভাং ব্যৱসায়ীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বুধবাৰে দুপৰীয়া ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বকুলগুৰি আৰু মকৰাচুক গাঁৱৰ পৰা মুঠ ২৪ কেজি ৯০০ গ্ৰাম ভাঙসহ বেপাৰী নিজুমনি বৰগোঁহাই, মীনা কলিতা আৰু নিকুল দলে আৰক্ষীৰ জালত পৰিছিল ।

Advertisment

তিনিও ভাং বেপাৰীকে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ (নং-৫৬/২০২৩)ৰ এন ডি পি এছ আইনৰ ২০(চি)/২৯ ধাৰাৰ ভিত্তিত তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পাছত লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে । ইপিনে জব্দকৃত ভাংখিনিৰ নমুনা ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তদন্তকাৰী আৰক্ষী বিষয়া দীনেশ মেধিয়ে জানিবলৈ দিয়ে।

Also Read: জাতিৰ স্বাৰ্থত পৰেশ বৰুৱাক আলোচনালৈ আহিবলৈ আহ্বান অনুপ চেতিয়াৰ...

Assam police crime