Advertisment

মানকাচৰত ১২ হাজাৰ কৃষকৰ ২৭০০ হেক্টৰ ভূমিত সৰিয়হৰ খেতি

এতিয়া সৰিয়হৰ বতৰ। চৌদিশে কেৱল হালধীয়া হালধীয়া। সৰিয়হৰ দৃষ্টিনন্দন দৃশ্যই মোহিত কৰে সকলোকে। চৌদিশে সুন্দৰ পৰিবৱেশ। যেন হালধীয়াৰ দলিচা পাৰি দিয়া হৈছে পথাৰত।

author-image
Asomiya Pratidin
New Update
মানকাচৰত ১২ হাজাৰ কৃষকৰ ২৭০০ হেক্টৰ ভূমিত সৰিয়হৰ খেতি

ডিজিটেল সংবাদ মানকাচৰঃ এতিয়া সৰিয়হৰ বতৰ। চৌদিশে কেৱল হালধীয়া হালধীয়া। সৰিয়হৰ দৃষ্টিনন্দন দৃশ্যই মোহিত কৰে সকলোকে। চৌদিশে সুন্দৰ পৰিবৱেশ। যেন হালধীয়াৰ দলিচা পাৰি দিয়া হৈছে পথাৰত।

Advertisment

পথচাৰীক হাত বাউলী মাতে সৰিয়হৰ দৃষ্টিনন্দন দৃশ্যই। কৃষি প্ৰধান মানকাচৰত এইবেলি প্ৰায় ১২ হেজাৰ কৃষকে ২৭০০ হেক্টৰ ভূমিত সৰিয়হৰ খেতি কৰিছে। বিশেষকৈ হাটশিঙিমাৰীৰ পুৰাণ সুখচৰত গাঁৱত ইমদাদুল ইছলাম নামৰ টিউটৰ শিক্ষক জনেও এইবেলি নিজৰ ২৪ বিঘা ভূমিত সৰিয়হ খেতি কৰিছে।

পুৰাণ সুখচৰত কৃষকসকলে এখন পথাৰতে প্ৰায় ৩০০ বিঘা ভূমিত খেতি কৰাত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকা এতিয়া হালধীয়া হৈ পৰিছে। শিক্ষকজনে প্ৰতি বছৰে সৰিয়হ খেতিৰ উপৰিও বিভন্ন কৃষি কাৰ্য কৰে।

স্কুললৈ যোৱাৰ আগত কৃষি পথাৰলৈ যায়। স্কুলৰ পৰা উভতি আহি পুনৰ তেওঁ নিজৰ পথাৰত উৎপাদন কৰা সৰিয়হ চোৱা-চিতা কৰে। তেওঁ জনোৱা মতে সৰিয়হ খেতি কৰিলে বিঘায় প্ৰতি ২-৩ হেজাৰ টকা খৰছ হয়। ইয়াৰ বিপৰীতে ১২-১৫ হাজাৰ টকা লাভ হয়। 

মানকাচৰ