আদিবাসীয়ে হাতত ধনু তুলি ল'লে ৰক্ষা নাইঃ আদিবাসী ছাত্ৰ সন্থা

কেইবাটাও দাবীৰে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ ...

author-image
Asomiya Pratidin
New Update
আদিবাসীয়ে হাতত ধনু তুলি ল'লে ৰক্ষা নাইঃ আদিবাসী ছাত্ৰ সন্থা

ডিজিটেল সংবাদ,বাক্সা : এছ টি, ভূমি পট্টা, জনজাতী প্ৰমাণ পত্ৰ,শ্ৰমিকৰ মজুৰিৰ দাবীৰে প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা। বাক্সা জিলা সদৰ মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত সোমবাৰে বাক্সা জিলা আছাই এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।

Advertisment

অসম চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, আমাক এছ টি লাগিবই বুলি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে আদিবাসী লোক সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি ৪বছৰ উকলি যোৱাৰ পাছতো আদিবাসী লোক সকলৰ দাবী পূৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে আছাই।

আদিবাসী লোক সকলে হাতত ধনু ল'লে ৰক্ষা নাই বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে। কাৰ্য্যসূচীৰ অন্তত মুছলপুৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Also Read: টোপনিয়ে সমস্যাত পেলাইছে নেকি?

mushalpur