বাক্সাত বন্যহস্তীৰ উপদ্ৰৱ, ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে...

বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ

author-image
Asomiya Pratidin
New Update
বাক্সাত বন্যহস্তীৰ উপদ্ৰৱ, ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে...

baksa man-elephant conflict

ডিজিটেল সংবাদ, মুছলপুৰ : বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই বিগত এমাহ ধৰি বাক্সা জিলাৰ মৈঠাবাৰী, শিমলিগুৰী, মিলনপুৰ, বৰিকাদঙা, ভূটানখুটি, নবস্তি, খৈৰাণী আদি বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বহু কৃষকৰ তামোলবাৰী,কলৰ বাগান, ধান আদি খেতি খাই গচকি তহিলং কৰিছে ৷

Advertisment

বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ঘৰ দুৱাৰ ভঙাৰ লগতে খেতি বাতি নষ্ট কৰাত কৃষক সকলে মূৰে-কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সম্প্ৰতি মৈঠাবাৰীত অৱস্থান কৰি থকা হাতীৰ জাকটো বনবিভাগৰ লোকে পাহাৰলৈ খেদি পঠিয়াব নোৱাৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে।

তেনে সময়তে শুকুৰবাৰে নিশা হাতীৰ এটা জাকে জিলাখনৰে নিকাছিৰ গোবিন্দ প্ৰধান আৰু ভাগ্যৱতী দেৱীৰ ভঁড়াল ঘৰৰ লগতে ৰান্ধনী ঘৰটো ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ভঁড়ালৰ ধান, চাউলৰ লগতে বাৰীৰ তামোল আৰু নাৰিকল গছ খায় গচকি তহিলং কৰে।

assam musalpur man elephant conflict baksa