মুছলপুৰত আই.এছ.পি.এল ফুটবল খেলৰ পোষ্টাৰ ফালি লণ্ডভণ্ড দুৰ্বৃত্তৰ...

বাক্সা জিলাৰ অন্তৰ্গত মুছলপুৰত চলি থকা প্ৰথম আই.এছ.পি.এল ফুটবল খেলৰ পোষ্টাৰ বুধবাৰে নিশা ফালি চিৰি লণ্ডভণ্ড কৰে দুৰ্বৃত্তই
musalpur I.S.P.L football match
musalpur I.S.P.L football match

ডিজিটেল সংবাদ, মুছলপুৰ : বাক্সা জিলাৰ অন্তৰ্গত মুছলপুৰত চলি থকা প্ৰথম আই.এছ.পি.এল ফুটবল খেলৰ পোষ্টাৰ বুধবাৰে নিশা ফালি চিৰি লণ্ডভণ্ড কৰে দুৰ্বৃত্তই। মুছলপুৰৰ পৰা বাথৌপুৰী খেলপথাৰলৈকে পথৰ দাঁতিত আঁৰি থোৱা ইউ.পি.পি.এলৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ আই.এছ.পি.এল খেলৰ আদৰণিমুলক ফটো সম্বলিত অধিকাংশ বেনাৰ ফালি চিৰি লণ্ডভণ্ড কৰে।

ইয়াৰ পৰিপ্ৰেক্ষিত বৃহস্পতিবাৰে এক সংবাদমেলত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে অশান্তি সৃষ্টি কৰিব বিচৰা লোকৰ দ্বাৰাই সংঘটিত হৈছে এই দুষ্কাৰ্য। তেওঁ লগতে কয় যে দুষ্কাৰ্য সংঘটিত কৰা লোকৰ বিৰূদ্ধে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দিয়া হৈছে আৰু দোষী ব্যক্তিক ২৪ ঘন্টাৰ ভিতৰত আটক কৰিবলৈ দাবী সংবাদমেলযোগে দাবী জনায়।

তেওঁ কোনো দলৰে নাম উল্লেখ নকৰাকৈ কয় যে বিটিআৰত এতিয়াও অশান্তি বিচৰা লোক আছে। পূৰ্বে এইসকল লোকে মাৰপিট কৰিয়ে শাসনত আছিল। এতিয়া মানুহক মাৰিব নোপোৱাৰ বাবেই ইউপিপিএলৰ নেতাৰ ফটো সম্বলিত পোষ্টাৰ সমূহত আক্ৰমণ কৰা বুলি মন্তব্য কৰে। ইউপিপিএলৰ বিৰোধী দলে এই কাম কৰা বুলি স্পষ্টভাৱে উল্লেখ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in