মানকাচৰত চাঞ্চল্য! পত্নীক হত্যা কৰি নিজেও ল’লে চিপ…

মানকাচৰত চাঞ্চল্য! পত্নীক হত্যা কৰি নিজেও ল’লে চিপ…

author-image
asomiyapratidin
New Update
মানকাচৰত চাঞ্চল্য! পত্নীক হত্যা কৰি নিজেও ল’লে চিপ…

ডিজিটেল ডেস্ক: মানকাচৰৰ সুখচৰত ৰহস্যজনক অৱস্থাত এহাল দম্পত্তীৰ মৃতদেহ উদ্ধাৰ। স্বামীয়ে পত্নীক হত্যা কৰি নিজে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে একাংশই।

জানিবলৈ পোৱা মতে স্বামীৰ নাম অৰুণ চন্দ্ৰ শিল আৰু পত্নীৰ নাম ববিতা শিল। অৰুণে প্ৰথমে পত্নীক ডিঙি ৰেপি হত্যা কৰে আৰু পিছত নিজেও ডিঙিত চিপ লৈ আত্মহত্যা কৰে।

ঘটনা সন্দৰ্ভত জানিবলৈ পোৱাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । অৱশ্যে দুই স্বামী-স্ত্ৰীৰ মৃত্যুৰ ৰহস্য কি এয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিবলৈ পৰা যাব।

assam murder crime