/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4769b647-bd67-4761-864f-197190ab3f72/petrol_depot_murder.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ কাজলগাঁৱৰ সতীশ বসুমতাৰী নামৰ এজন তেল ডিপোত এক ৰহস্যজনক হত্যাকাণ্ড সংঘটিত হৈছে । খবৰ অনুযায়ী আজি পুৱতি নিশা ৩ বজাত সংঘটিত হৈছে এই হত্যাকাণ্ড।
উক্ত হত্যাকাণ্ডৰ ঘটনাত প্ৰেট্ৰল ডিপোৰ এজন কৰ্মচাৰী নিহত হোৱাৰ উপৰি আন দুজন লোক গুৰুতৰ ভাবে আহত হয় । নিহত লোকজনক উক্ত তেল ডিপোৰ কৰ্মচাৰী সুভাস খামটী (৩৩) বুলি চিনাক্ত কৰা হৈছে । গুৰুতৰ ভাবে আহত দুজন ক্ৰমে জিতেন্দ্ৰ কুমাৰ আৰু চালক টিঙ্কু সিংহ বৰ্তমান চিকিৎসাধীন অবস্থাত আছে ।
অতিৰিক্ত মদ্যপান কৰি মাৰপিট কৰাৰ ফলতেই উক্ত হত্যাকাণ্ড সংঘটিত হৈছে বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্ত সন্দেহ প্ৰকাশ কৰিছে । ইয়াৰে সুভাষ খামটি আৰু জিতেন্দ্ৰ কুমাৰ ঘটনা সংঘটিত হোৱা কাজলগাঁও ডিজেল তেল ডিপোৰ কৰ্মচাৰী আৰু টিঙ্কু সিংহ এজন চালক। খবৰ লাভ কৰি ঢালিগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত অবস্থাত মৃতদেহ উদ্ধাৰ কৰাৰ উপৰি হত্যাকাণ্ডত ব্যবহৃত কিছু লোৰ যন্ত্ৰাংশ জব্দ কৰে ।
পৰবৰ্তী সময়ত চিৰাঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক হত্যাকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হয় চৰজমিন তদন্ত আৰম্ভ কৰে । প্ৰাথমিক তদন্তৰ পিছত উক্ত হত্যাকাণ্ডৰ আৰঁত কিছু ৰহস্যৰ গোন্ধ পাই চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই তদন্ত প্ৰক্ৰিয়া চিআইডি ৰ দ্বাৰা কৰাৰ পোষকতা কৰে ।