কোকৰাঝাৰৰ বাঙালডোৱাত মাতাল স্বামীৰ প্ৰহাৰত পত্নীৰ মৃত্যু ! হত্যাকাৰী বলেন সূত্ৰধৰক আটক কোকৰাঝাৰ আৰক্ষীৰ…

কোকৰাঝাৰৰ বাঙালডোৱাত মাতাল স্বামীৰ প্ৰহাৰত পত্নীৰ মৃত্যু ! হত্যাকাৰী বলেন সূত্ৰধৰক আটক কোকৰাঝাৰ আৰক্ষীৰ…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰৰ বাঙালডোৱাত মাতাল স্বামীৰ প্ৰহাৰত পত্নীৰ মৃত্যু ! হত্যাকাৰী বলেন সূত্ৰধৰক আটক কোকৰাঝাৰ আৰক্ষীৰ…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ বাঙালডোবাৰ প্ৰথম খণ্ডত মাতাল স্বামীৰ প্ৰহাৰত পত্নীয়ে কৰুণ মৃত্যুক সাৱটি লোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে । স্বামীৰ প্ৰহাৰত নিহত হোৱা চাৰি সন্তানৰ দূৰ্ভগীয়া মাতৃগৰাকীক জয়া সূত্ৰধাৰ বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে চাৰি সন্তানৰ মাতৃ জয়া সূত্ৰধাৰক তেওঁৰ স্বামী বলেন সূত্ৰধাৰে ওৰফে বিয়ালে প্ৰায়ে মাৰপিট কৰি আহিছিল । কালি নিশা জয়া সূত্ৰধাৰে নিশা ৮ বজালৈ ভাত নবনোৱাত তেওঁৰ স্বামী বলেন সূত্ৰধাৰ খঙত অগ্নিশৰ্মা হৈ পৰে আৰু জয়া সূত্ৰধাৰক ফুটবল লথিওৱাদি লথিয়ায় । এটা ঘৰৰ পৰা আন এটা ঘৰলৈ ফুটবল লথিওৱাদি লথিওৱাত জয়া সূত্ৰধাৰ গুৰুতৰভাৱে আহত হয় আৰু নিশাই কৰুণ মৃত্যুক সাৱটি লয়। উক্ত ঘটনাটো আজি ৰাতিপুৱাহে পোহৰলৈ আহে আৰু স্থানীয় ৰাইজে অভিযুক্ত হত্যাকাৰী স্বামী বলেন সূত্ৰধাৰক আটক কৰি ৰছীৰে বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে ।

Advertisment

আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী বলেন সূত্ৰধাৰক আটক কৰিছে আৰু ঘটনা সন্দৰ্ভত কোকৰাঝাৰৰ সদৰ থানাত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইপিনে গিৰীয়েকৰ প্ৰহাৰত চাৰি সন্তানৰ মাতৃ জয়া সূত্ৰধাৰে কৰুণ মৃত্যুক সাৱটি লোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু হত্যাকাৰীক কঠোৰ শাস্তিৰ পোষকতা কৰিছে ।

আৰু পঢ়ক : লখিমপুৰ জিলাৰ ১৭ শিক্ষকলৈ জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা…

assam kokrajhar