তিনিচুকীয়াৰ বহুচৰ্চিত ৰেণু গগৈ চাংমাইৰ হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান…

তিনিচুকীয়াৰ বহুচৰ্চিত ৰেণু গগৈ চাংমাইৰ হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান…

author-image
asomiyapratidin
New Update
গোলাঘাটত জুইত জাহ গ’ল এটা ঘৰ, এখন স্কুটী…

ডিজিটেল সংবাদ, তিনিচুকীয়া– বিগত ২০১৩ বৰ্ষৰ ২৮ জানুৱাৰীত তিনিচুকীয়াৰ আই অ' চি কলনীত সংঘটিত ৰেণু গগৈ চাংমাইৰ লোমহৰ্ষক হত্যাকাণ্ডৰ যোৱা ২৪ জুনত তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ চন্দন দাসৰ আদালতে চূড়ান্ত ৰায়দানেৰে হত্যাকাৰী উজ্জ্বল কোঁৱৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হেজাৰ টকাৰ জৰিমণা বিহে । জৰিমণা অনাদায়ে অতিৰিক্ত ৬ মাহৰ সাধাৰণ কাৰাদণ্ডৰ ৰায় দিয়ে।

Advertisment

উল্লেখ্য যে ২০১৩ বৰ্ষৰ ২৮ জানুৱাৰীৰ হত্যাকাণ্ড সংঘটিত হোৱা দিনটোত আই অ' চি কলনীৰ কোৱাৰ্টাৰত থকা ৰেণু গগৈ চাংমাইৰ স্বাস্থ্য অসুস্থ হোৱাত তেওঁ বিচনাত পৰি আছিল। তেনে অৱস্থাত ৰেণু গগৈক নিজৰ বাইদেউ হিচাপে মানি অহা গোচৰৰ অভিযুক্ত উজ্জ্বল কোঁৱৰৰ পত্নী পলাশী কোঁৱৰে সেইদিনা ৰেণু গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহে আৰু পাকঘৰত চাহ বনোৱাত ব্যস্ত থাকে ।

সেই সময়তে পলাশীৰ স্বামী উজ্জ্বলে হাতত চোকা অস্ত্ৰ লৈ ৰেণু গগৈৰ কোৱাৰ্টাৰত উপস্থিত হয় আৰু পত্নী পলাশীৰ লগত কাজিয়াত লিপ্ত হয়। উজ্জ্বলৰ খং আৰু হাতত চোকা অস্ত্ৰ দেখি আতংকিত হৈ ভয়তে পলাশীয়ে কোৱাৰ্টাৰৰ পিছফালে দৌৰি পলায়ন কৰে । পলাশী যোৱাৰ পিছত উজ্জ্বলে ৰেণুৰ লগত কাজিয়া লাগে আৰু এটা সময়ত উজ্বলে ৰেণুৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত কৰিবলৈ আৰম্ভ কৰে । যাৰফলত থিতাতে মৃত্যু হয় ৰেণু গগৈৰ ।

পৰিস্থিতি শান্ত হোৱাত পলাশী পুনৰ ৰেণুৰ কোৱাৰ্টাৰলৈ আহি উজ্জ্বলক দেখা নাপাই যদিও ৰেণুৰ মৃতদেহটো তেওঁৰ বিচনাত তেজে তুমৰলি হৈ পৰি থকা প্ৰত্যক্ষ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰেণু গগৈৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী উজ্বল কোঁৱৰকো আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষীৰ তদন্তত ৰেণুৰ শৰীৰত চোকা অস্ত্ৰৰ ১০ টা গভীৰ আঘাত পোহৰলৈ আহিছিল।

তিনিচুকীয়া কঁপাই যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ বিপৰীতে তিনিচুকীয়া সদৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্তকাৰী বিষয়া বিজয় দুৱৰাই গুৰুত্বসহকাৰে লৈ তথ্য-প্ৰমাণ আৰু সাক্ষ্য গ্ৰহণৰ লগতে উজ্বলৰ পত্নী পলাশীক মুখ্য আৰোপী হিচাপে লৈ অভিযুক্ত উজ্বল কোঁৱৰৰ বিৰুদ্ধে আদালতত চাৰ্জচিট দাখিল কৰে ।

আৰক্ষীৰ কেছ ডায়েৰীৰ ওপৰত ভিত্তি কৰি তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ গোচৰ নং ৫৯(টি)/১৫ ৰ বিপৰীতে দীঘলীয়া সাক্ষ্যগ্ৰহণৰ অন্তত হত্যাকাৰী উজ্বল কোঁৱৰ দোষী সাৱ্যস্ত হয় আৰু চন্দন দাসৰ আদালতে শ্ৰীপুৰীয়া অঞ্চলৰ বাসিন্দা হত্যাকাৰী উজ্বল কোঁৱৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে । চৰকাৰী পক্ষৰ হৈ গোচৰটো অধিবক্তা অশোক কুমাৰ চৌবেই যুক্তি প্ৰদৰ্শন কৰিছিল । উল্লেখ্য যে স্বামী প্ৰণৱ চাংমাইৰ সৈতে আই অ' চি কোৱাৰ্টাৰত থকা ৰেণু গগৈ চাংমাই তিনিচুকীয়াৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থাকি এগৰাকী সমাজসেৱিকা হিচাপে সমাদৃত আছিল ।

আৰু পঢ়ক: নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰতিজন নাগৰিককে সচেতন কৰি তুলিবই লাগিব: মন্ত্ৰী হাজৰীকা

assam tinsukia murder case